এৰি অহা গাওঁ খন,এক মিঠা অনুভৱ-অলকানন্দ কাকতি

©Admin
0
(প্ৰাৰম্ভিক টোকা - এইটো মোৰ ব্যক্তিগত ধৰ্মী  লিখা বা ব্যক্তিগত অনুভৱ ৷ কিন্তু, কৰ্মসূত্ৰে নিজৰ জন্ম গাওঁ বা চহৰখনৰ পৰা দূৰত ঘৰ বন্ধা যিকোনো ব্যক্তিৰ এনে অনুভৱ মনলৈ আহিব পাৰে ৷ মোৰ এই লিখাত মোৰ জন্মগাওঁ "শেতালি" ৰ বিষয়ে লিখিছোঁ ৷  কিন্তু, শেতালিৰ স্হানত যিকোনো লোকে নিজৰ গাওঁখনৰ নাম লিখি একেই ধৰণে ভাবিব পাৰে : লিখক ৷ )
      
        গছ বিলাকৰ যেনেকৈ শিপা থাকে,  প্ৰতিজন মানুহৰো একোডাল  শিপা থাকে ৷ গছে শিপাৰে মাটিৰ তলৰ পৰা আহাৰ গ্ৰহণ কৰি পৰিপুষ্ট হোৱাৰ লগতে নিজৰ স্থিতিৰে আৱৰা পৰিবেশৰ পৰা হাৱা, পানী, সূৰ্যৰ ৰশ্মি আহৰণ কৰি নিজৰ শ্ৰীবৃদ্ধি কৰে ৷ মানুহৰ শিপাডাল হৈছে নিজৰ জন্মভূমিখন, নিজৰ গাওঁ বা চহৰখন ৷ আমাৰ দেউতা মতিৰাম কাকতিয়ে নিজৰ চৰকাৰী কৰ্মসূত্ৰে অসমৰ বিভিন্ন ঠাইত চাকৰি কৰিছিল ৷ আমাৰ মামাহঁতৰ ঘৰ নগাওঁ কামপুৰৰ পতিয়াপামত ৷ আমাৰ মা লক্ষীপ্ৰভা (লুলু কাকতি) মামাহঁতৰ ঘৰত থাকোতেই আমাৰ সোণদাদা আৰু ধনদাদাৰ জন্ম হৈছিল ৷ দুলদাদা আৰু মানীবাইদেউৰ জন্ম হৈছিল দেউতা কৰ্মসূত্ৰে নলবাৰীত থাকোতে ৷ গল্পকাৰ শিৱানন্দ কাকতি ( মোৰ ধনদাদা )ৰ এখন গল্প সংকলন আছে,  নাম "বৰণীয়া আলিবাট" ৷ দহটা গল্প অন্তৰ্ভুক্ত হোৱা সেই সংকলনখনৰ প্ৰথম গল্পটো আৰম্ভ হৈছে এনেদৰে, "বুঢ়াপাহাৰৰ ৰাস্তাৰ পাকঘূৰণিত পৰমাৰ কেইবাবাৰো বমি হ'ল ৷ মাকৰ কোলাত তাৰ একেবাৰে সৰু ভায়েক, কাষত দেউতাক ৷ জীপ গাড়ীখনৰ পিছৰ দীঘল চিট দুটাৰ এটাত সি, তাৰ বাৰবছৰীয়া ককায়েক আৰু তাৰ তলৰ আঠ-ন বছৰীয়া ভায়েক ৷ আনটো চিটত দেউতাকৰ অফিচৰ মানুহ দুজন-লীলাধৰ শইকীয়া, কমল পাচনি ৷ তেওঁলোক দুয়োৰে মাজতে চেপেটা লাগি বহি আহিছে সিহঁতৰ একমাত্ৰ পাচবছৰীয়া সৰু ভনীয়েক ৷ মাত্ৰ দেৰ দুই বছৰৰ আনজত সিহঁতৰ এই চাৰি ভাই-ককাই আৰু এজনী ছোৱালী ৷"  গল্পৰ চলৰে নিজৰ পৰিয়াল, নিজৰ পৰিবেশ , নিজৰ শেতালি গাওঁখনৰ কথা লিখা গল্পপুথিখনৰ প্ৰথম গল্পটোৰ প্ৰথমে বৰ্ণোৱা "মাকৰ কোলাত থকা কেচুৱাটো" আছিলোঁ মই ৷ মোৰ জন্ম হৈছিল যোৰহাটত ৷ কিন্তু, একেবাৰে পানীকেচুৱাতে আহিছিলোঁ আপোনগাওঁ নগাঁৱৰ শেতালিলৈ ৷ এই গাৱঁতে প্ৰথম খোজ কাঢ়িছিলো, কথা কবলৈ শিকিছিলোঁ, লগৰীয়াৰ লগত খেলিছিলোঁ, অ,আ, ক,খ পঢ়া শিকিছিলোঁ, লগৰীয়াৰ লগত পথাৰলৈ গৈছিলো, মা-ৰ মাৰ খাইছিলোঁ, আঘোণ পুহ মাহত পথাৰৰ লেচেৰি বুটলিছিলো, দলনিলৈ গৈছিলোঁ, হাৰলি ঘৰত ৰাতি কটাইছিলোঁ, জীৱনত এবাৰ গৰু চৰাবলৈও গৈছিলো, দলনি পথাৰলৈ  !! 
          

          আমি যেতিয়া সৰু আছিলো, আমাৰ গাওঁখন পিছপৰা আছিল ৷ ৰাস্তাবোৰ শিলগুটি দিয়া, গৰুবাটটো কেচা, বাৰিষাত পানী জমা হৈ পথ গেলি থাকে ৷ গাঁৱত পকীঘৰ কম আছিল ,  মানুহৰ ঘৰৰ চালবোৰ খেৰৰ, বেৰবোৰ বাহঁৰ, কেঁচা গোবৰ আৰু মাটিৰে লেচা ঘৰৰ বেৰবোৰ ৷ আমাৰ ঘৰটো আছিল তিনিখুটলীয়া, বৰ ওখ ৷ ঘৰৰ ভিতৰত ঘনচিৰিকাৰ বাধাহীন অহা যোৱা , সিহঁতৰ কিচিৰমিচিৰ চিঞৰ ৷ ৰাস্তাৰ তামোলগছত টোকোৰা চৰাইৰ দীঘলীয়া বাহবোৰ ৷ কেতিয়াবা চহৰৰ পৰা খেলা দেখুৱা মানুহ এজন আমাৰ গাঁৱলৈ আহিছিল ৷ তেওঁ নিজৰ ভৰিত দুডাল ফলা বাঁহ বান্ধি লৈছিল ৷ তাৰপিছত আন এডাল গোটা বাঁহত ভৰ দি তেওঁ থিয় হৈছিল,  আৰু দুখন ভৰিত দুফাল বাঁহ বান্ধি গাঁৱৰ মাজৰ ৰাস্তাৰে খোজ কাঢ়িছিল ৷ গাঁৱৰ মানুহবোৰে জমাহৈ ওখ মানুহৰ খেল চাইছিল ৷
   

       শেতালি প্ৰাথমিক বিদ্যালয়ত মই পঢ়িছিলোঁ ৷ সেইসময়ত আমি পঢ়া স্কুলখন আছিল ধোবাং বাং , চাৰিওফালে মুকলি ৷ মূৰৰ ওপৰত টিঙৰ চালিখন আছিল ৷ কিন্তু, বেৰ নাছিল ৷ সকলো শ্ৰেণী ছাত্ৰ ছাত্ৰী বহিবলৈ পৰ্যাপ্ত ডেস্ক বেঞ্চো নাছিল ৷ আমি মৰাপাটৰ থৈলা বা ঢাৰি আৰু ফলি কিতাপ লৈ স্কুললৈ গৈছিলোঁ ৷ ভোলানাথ বৈৰাগী আমাৰ প্ৰধান শিক্ষক বা হেডমাস্টৰ আছিল ৷ ছাৰক বৰ ভয় লাগিছিল ৷ ছাৰে মোক "পাহৰাম" বুলি মাতিছিল ৷ কাৰণ, ছাৰে মোক মাজে মাজে ঘৰৰ পৰা তামোল লৈ যাবলৈ আগদিনাই কৈছিল ৷ কিন্তু, কথাটো মই প্ৰায়েই পাহৰিছিলোঁ ৷ সেয়ে মই আছিলোঁ "পাহৰাম" ৷ নমাটিৰ যোগেন মেধি চাৰেও আমাক পঢ়াইছিল ৷ ছাৰক মোৰ বৰ ভাল লাগিছিল, তেখেত আছিল বৰ মৰমীয়াল ৷ স্কুল এৰি চাকৰি বাকৰি কৰিবলৈ লোৱাৰ পিচতো ছাৰক বাটে ঘাটে পালে চাইকেলৰ পৰা নমাটো,  বা দুচকীয়াত গলে, ৰখাই মাত দিয়া নিয়মটো বহু দিনলৈকে আছিল ৷ আমি এল,পি, স্কুলত পঢ়াৰ সময়ত পৰিদৰ্শক বা ইন্সপেক্টৰ সকল প্ৰায়েই স্কুললৈ আহিছিল ৷  এবাৰৰ কথা ৷ আমাৰ স্কুললৈ শিক্ষামন্ত্ৰী আহিছিল ৷ মন্ত্ৰী মহোদয়ে আমাক বানান সুধিছিল ৷  বহুতে নোৱাৰা এটা শব্দৰ বানান মই পাৰিছিলো,  যিটো শব্দ মোৰ আজীৱন মনত থাকিল ৷ শব্দটো আছিল,  "শুশ্ৰূষা" ৷
           
          গাঁৱৰ ভাওনা,  গাঁৱৰ থিয়েটাৰ, গাঁৱৰ বিহুৰ স্মৃতিয়ে সদায় মনত দোলা দি যায় ৷ ব'হাগ বিহুৰ হুঁচৰি আছিল আমাৰ প্ৰধান আকৰ্ষণ ৷ চাৰি পাঁচজন কান্ধসমনীয়া মিলি এটা দল গঠন কৰি ঘৰে ঘৰে আমি হুচৰি গাইছিলো , কোনোবাই এটকা, কোনোৱে দুটকা দিছিল ৷ পাচটকা দুই এঘৰেহে দিছিল ৷ হুঁচৰিৰ শেষত কিছু টকা ভগাই লৈ কিছু টকাৰে আমি ভোজ খাইছিলোঁ ৷ মাঘ বিহুৰ আকৰ্ষণ আছিল দ পথাৰৰ হাৰলিঘৰ বা ভেলাঘৰ ৷ প্ৰফুল্ল, উমাৰাম, নৰেশ্বৰ, সোমেশ্বৰ, হেম, চোচেনহঁত মোৰ লগ ৷ সিহঁতে বাঁহ কাটি, নৰা কাটি হাৰলি ঘৰ বনোৱাত নেতৃত্ব দিছিল ৷ মই যোগনীয়াৰ আছিলো,  বা "লেমটৌ" আছিলো ৷ উৰুকাৰ ৰাতি আমি হাৰলিঘৰত থাকিম, সেই বাবে দিনটোৰ ব্যস্ততা আৰু উত্তেজনা ৷  মাংস কিনা, পাচলি কিনা, ঘৰে ঘৰে চাউল উঠোৱাৰ কাম ৷ ৰাতি হাৰলি ঘৰত ৰন্ধন কাৰ্য ৷ তাৰ মাজতে দুজনমান গৈছিল, কাৰোবাৰ বাৰীৰ জেওৰা চুৰি কৰিবলৈ ৷ 
      

           গাওঁখনত প্ৰতিবছৰেই ভাওনা হৈছিল,  থিয়েটাৰো হৈছিল ৷ সোণাৰাম ককাইদেউ ( সুনীল শইকীয়া)  আছিল  থিয়েটাৰ বোৰৰ পাৰ্শ্ব গায়ক ৷ তেখেতে বেকষ্টেজৰ পৰা লাইভত গাই থকা ভূপেন হাজৰিকা, জয়ন্ত হাজৰিকা  আৰু আন গায়কৰ গীতবোৰ নিজৰ ধৰণেৰে গাই থকা সেই দৰদী কণ্ঠ এতিয়াও যেন মোৰ কাণত বাজি থাকে ৷ সোণাৰাম ককাইদেউৰ ঘৰ আমাৰ ঘৰৰ কাষতে ৷ সেই সূত্ৰে আমাৰ ঘৰলৈ সঘন আহ যাহ ৷ ককাইদেৱে বৰ সুন্দৰকৈ ফুচুৰী কথা কব পাৰিছিল ৷ সাজি সাজি, নোহোৱা কথা এটাও হোৱা কৰি, ককাইদেৱে আমাক কাহিনী শুনাইছিল ৷ ককাইদেউৰ  গান আৰু খুহুতীয়া কথাবোৰ এতিয়াও মনৰ পৰ্দাত উজলি উঠে ৷ দেৱালীৰ সময়ত নাৰিকলৰ কুৰুকা এটাৰ আধা অংশত সৰুকৈ মম এডাল জ্বলাই পিছফালে এটা ফুটা কৰি তাত মৰাঠাৰি বা জেউৰা এটুকুৰা সোমোৱাই আউসীৰ নিশা লাইট জ্বলাই নিজৰ পথ পোহৰাইছিলোঁ ৷ মাঘ বিহুৰ সময়ত কেতিয়াবা লগৰীয়া বন্ধুৰ লগত খেৰৰ ঘৰত ৰাতি শুই পৰিছিলোঁ ৷ সেই দিনবোৰ, সেই ৰাতিবোৰে মনটো এতিয়াও পোহৰাই ৰাখে ৷
        
       আমাৰ গাঁৱৰ মেলবোৰ মোৰ বাবে এটা বৰ আকৰ্ষণৰ বিষয় আছিল ৷ গাঁৱৰ বিবাদিত বিষয়ৰ নিষ্পত্তিৰ বাবে নামঘৰৰ বাটচৰাত মেলবোৰ হৈছিল ৷ গাঁৱৰ জ্যেষ্ঠ সকল, লগতে ডেকাসকলো মেলত বহিছিল ৷ আমাৰ দেউতাও আছিল এনেবোৰ মেলৰ মুখ্য ব্যক্তি  ৷ মই আছিলো দূৰত, কিন্তু উৎকৰ্ণ ৷ এটা কথা মই বৰ আচৰিত হৈ চাইছিলোঁ আৰু শুনিছিলো যে কেনেদৰে এজন বক্তাই ইমান যুক্তিসহ, দীঘলীয়া ভাষণেৰে নিজৰ বক্তব্য ৰাখিব পাৰে ৷ বিবাদিত বিষয়ৰ আলোচনা যেতিয়া এনে মেলত হৈছিল,  তেতিয়াও মন কৰিছিলো যে দুয়ো পক্ষতে যুক্তিসহকাৰে বক্তব্য ৰাখিব পৰা বক্তা গাঁৱখনত বহুত আছিল ৷ মোৰ মনত থকা তেনে কেইজনমান তাৰ্কিক  মেলুৱৈ আছিল জয়দা, দন্দিককাইদেউ  , সুৰেণ মেধিদা, লুলুদা,  দূতিৰাম ককাইদেউ,  শশী ককাইদেউ, ফনীধৰ মেধি খুৰাদেউ আদি   ৷ সভাৰ শেষত আমাৰ দেউতা, বজ্ৰ খুড়াদেউ, ধুলীৰাম বায়ন বৰদেউতা, হলি বৰদেউতাহঁতে সিদ্ধান্ত দিছিল, সকলোৱে মানিছিল ৷ এইযে নিজৰ বক্তব্য যুক্তিসহ, সজোৰে ৰাখিব পৰা মানুহবোৰ, তেখেতসকলে মোৰ শ্ৰদ্ধা আৰু আকৰ্ষণ আজিও আদায় কৰে ৷
     
         ক, খ, প্ৰথম, দ্বিতীয় , তৃতীয়, চতুৰ্থ শ্ৰেণীলৈকে শেতালি এল,পি, স্কুলত পঢ়ি,  কলাপাতত আখৰ লিখি, ৰাতিটো কুঁৱাৰ পানীত ডুবাই ৰাখি ,  পিছদিনা আখৰ জিলিকাই জমা দি, স্কুলৰ ফিল্ডত নেওতা মাতি, পাঠ পঢ়ি, পঞ্চম শ্ৰেণীত নাম লগাইছিলোঁগৈ কুজিডাঁহ  হাইস্কুলত ( পিছলৈ হায়াৰ চেকেন্ডেৰী) ৷ প্ৰথম অৱস্থাত খোজ কাঢ়ি গৈছিলো কুজিডাঁহলৈ, পথাৰ মাজেদি বেজৰচুকলৈ ৰাস্তা পোনাইছিলো, কেতিয়াবা ৷ পিছৰ উচ্চ  শ্ৰেণীত অৱশ্যে ভঙা চাইকেল এখন যোগাৰ হৈছিল ৷ সেইদৰেই দশম শ্ৰেণীলৈকে পঢ়ি কটন কলেজৰ দিনৰ শাখাত নাম লগোৱা আৰু হোষ্টেলত চিট পোৱাকৈ নম্বৰ পাইছিলোঁ, মেট্ৰিকত ৷ সেইযে গাওঁখন এৰি গুৱাহাটীৰ কটন কলেজত পঢ়িবলৈ আজিৰ পৰা প্ৰায় চল্লিশ বছৰ আগতে ওলাই গৈছিলোঁ,  তেতিয়াৰ পৰা গাওঁখনত দীঘলীয়াকৈ থকা হোৱা নাই ৷ গাঁৱৰ ভাওনা, গাঁৱৰ নাটক চোৱা হোৱা নাই, হাৰলি ঘৰত ৰাতি কটোৱা নাই ৷ কটন কলেজৰ পৰা উত্তীৰ্ণ হৈ উড়িশ্যালৈ গলো কৃষি বিষয়ত পঢ়িবলৈ ৷ তাৰপিছত হায়দৰাবাদত এবছৰ পঢ়ি পাচ কৰাৰ লগে লগেই কোম্পানীৰ চাকৰি পালো,  তিনিচুকীয়াত যোগদান কৰিলোঁ ৷ তাৰপিচত চাহবাগানৰ সহকাৰী পৰিচালক হ'লো, আসাম ফ্ৰন্টিয়াৰ কোম্পানীৰ অধীনৰ তালাপৰ খোৱাং বাগানত ৷ ভাগ্যত চৰকাৰী চাউল লিখা আছিল ৷ ১৯৯২ চনৰ পৰা অসম চৰকাৰৰ বিষয়া হলোঁ ৷ গাওঁখন যে এসময়ত এৰিলো, যাবই নোৱাৰা হ'লো ৷ এতিয়া কৰ্মসূত্ৰে স্থায়ী বাসস্থান কৰিলোঁ সূদূৰ বোকাখাতত ৷ কিন্তু,  কোনোবাই যদি এতিয়াও মোৰ ঘৰ ক'ত বুলি সোধে,  এতিয়াও জিভাৰ আগলৈ জন্মগাওঁখনৰ নামটো প্ৰথমে আহে, যদিও মোৰ আৰু মোৰ পৰিয়ালৰ বাসস্থান, ভোটাৰ তালিকা আৰু নাগৰিক পঞ্জীমতে মই এতিয়া বোকাখাতৰ স্হায়ী বাসিন্দা ৷ কিন্তু, শিপাডাল ক'ত যাব,  য'ৰ পৰা মই এতিয়াও সাৰপানী পাই আছোঁ ? মোৰ সেই শিপা জন্ম গাওঁখনত ৷৷   
                    
◾অলকানন্দ কাকতি,  বোকাখাত,  
মোৱাইল - ৭০০২৯৬৭০৩২

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)