ৰাতিপুৱাৰেপৰা মেঘে বৰষি আছে।আনদিনা হোৱাহʼলে প্ৰেমাকুল বৰষুণজাকত তাই ডুব গৈ থাকিলহেতেঁন।উহ্! সময়বোৰ বাৰু আজি কিয় পাৰ হোৱা নাই? ১ মিনিট সময়ো দেখোন আজি ১ ঘন্টা যেন লাগিছে।কিমান দিনৰেপৰা পলাশীয়ে আজিৰ এই দিনটোলৈকে অপেক্ষাৰে বাট চাই আছিল আৰু তাতে বতৰৰ এই আহুকাল আজি! পলাশীৰ মনে মনে খংটো উঠিয়ে আছে,তাতে আকৌ ভায়েক নিবিড়ে জোকায় জোকায় লাজত নাক-কাণ কাটিছে তাইৰ।
একোতেই আজি তাই মন বঢ়াব পৰা নাই।লাজ লাজ ভাৱনাত বুৰ গৈ উচপিচনিতেই ইফালৰ পৰা সিফাললৈ গৈ ক্ষণবোৰ গণিছে।
"মাইনি,তামোলৰ বঁটাটো লৈ আনছোন।" মাকে পলাশীক চিঁঞৰিলে। মাক-দেউতাকে পলাশীক মাইনি বুলিয়ে মাতে। সৰুৰেপৰা বৰ মৰমৰ মাজত ডাঙৰ হৈছে তাই।আচাৰ-ব্যৱহাৰ, ডাঙৰৰ প্ৰতি শ্ৰদ্ধা ঘৰখনৰপৰাই শিকিছে তাই।
ওচৰৰে নিৰ্মালি খুড়ী আহিছে সিহঁতৰ ঘৰলৈ।মাজে সময়ে আহি পলাশীক কাপোৰত ফুল তোলা,বুটা বছা আদিবোৰ শিকোওঁৱা নিৰ্মালি খুড়ীজনী পলাশীৰ বৰ ভাল লাগে। কিমান যে মৰমেৰে তাইক কিছুমান কথা বুজাই দিয়ে।
"গৈছোঁ মা।" বুলি কৈ পলাশীয়ে তামোলৰ বঁটাটো হাতত লৈ নিবিড়ৰ ওচৰ পালেগৈ।ধেৎ, তাই বাৰু ইমান নিজৰ মাজতেই মগ্ন হৈ থাকিব লাগেনে? সন্মুখত এয়া নিবিড়।দুষ্টালি ভৰা হাঁহিৰে তাইলৈ চাই কিবা ইংগিত দিছে। হয়তো সি মাকক কৈ দিয়াৰ কথা কৈ জোকাইছে তাইক।তায়ো এইবাৰ হাঁহি ৰখাব পৰা নাই।তাই বাৰু ইমান পাহৰি গৈছেনে আজি কথাবোৰ? তামোলৰ বঁটাটো তাই মাকৰ ওচৰলৈ নিনি নিবিড়ৰ হাতত দিব আহিছে।ধেৎ,কিযে নহয় !তাই হাঁহি হাঁহিয়েই নিবিড়ৰ ওচৰৰপৰা আঁতৰি মাকৰ ওচৰলৈ আহিল।
"খুড়ী,বহিছে।" বুলি মাতষাৰ দি তাই তামোলৰ বঁটাটো আগবঢ়াই দিলে।খুড়ীয়েও হাঁহিমুখে তাইলৈ চালে।কিছুসময় এনেয়ে খুড়ীৰ লগত কথা পাতি তাই খুড়ীক বহিবলৈ কৈ ভিতৰ সোমাই আহিল।
ভিতৰলৈ আহি তাই বহীখন উলিয়াই এনেয়ে কিবা এটা লিখিবলৈ চেষ্টা কৰিলে।নাই,আজি তাইৰ মনলৈ একো অহা নাই। লিখোঁ বুলিলেও একো লিখিব পৰা নাই আজি তাই। হঠাৎ তাই বহীখনত চকু ফুৰাই আচৰিত হৈ গʼল। কেতিয়ানো তাই বহীখনৰ পৃষ্ঠাটো আঁকি-বাঁকি পেলালে,তাই নিজেই গম নাপালে আৰু যে কলমৰ সাঁফৰখন টেবুলখনতে লাহেকৈ টকটকাই সাঁফৰখনৰ আধা অংশ প্ৰায় ভাঙিয়েই পেলালে। তাইৰ নিজৰ ওপৰতেই বহুত হাঁহি উঠিল।কিহে পাইছে বাৰু আজি তাইক।
কাৰ মনত বাৰু আনন্দ নালাগিব? প্ৰায় দুবছৰৰ মূৰত আজি তাইৰ প্ৰেমিক পলক লগ পাব।ভাৱিলেই দেখোন মনটো কিবা এক অজান আনন্দত নাচি উঠে। সিহঁতৰ ঘৰলৈ আজি পল ফুৰিব অহাৰ কথা। সিহঁতৰ সম্পৰ্কটো প্ৰায় আঠ বছৰেই হʼল।দুয়োখন ঘৰেই সিহঁতৰ সম্পৰ্কটো মানি লৈছে।
আজিৰ পৰা প্ৰায় দহবছৰমানৰ আগৰ কথা। সেই সময়ত তাই সপ্তম শ্ৰেণীত পঢ়ি আছিল আৰু পল নৱম শ্ৰেণীত।পলৰ ঘৰ যোৰহাটত যদিও সি গোলাঘাটৰ মোমায়েকৰ ঘৰত থাকিয়ে পলাশীৰ সৈতে একেখন বিদ্যালয়তে পঢ়া শুনা কৰিছিল। পলাশী পলৰ লগত বৰ ভাল বন্ধুৰ দৰে হৈ পৰিছিল।পলাশীয়ে ক্লাছৰ দুজনমান বন্ধুৰ বাহিৰে বাকীবোৰক মাতবোল নকৰিছিল আৰু তাই অলপমান গহীন প্ৰকৃতিৰ বাবেই হয়তো বাকীবোৰেও মাতিবলৈ ভয় কৰিছিল। কিন্তু পলৰ লগত তাই বহুত ভাল বন্ধুৰ দৰে হৈ পৰিছিল।লাহে লাহে সময়ৰ গতিত তাইক লগৰবোৰে পলৰ লগত জোকোৱা আৰম্ভ কৰি দিলে।তাই সেইসময়ত ভালপোৱা কি বুজি পোৱা নাছিল। তথাপি লগৰবোৰে জোকাইছিল বাবেই হয়তো ক্ৰমাৎ পলক মাতিবলৈও তাইৰ লাজ লগা হৈছিল।পলৰো হয়তো একে অৱস্থা।লগৰবোৰে জোকোৱা শুনা পাই এদিন বিদ্যালয়ৰ প্ৰধান শিক্ষকেও দুয়োজনকে মাতি নি শুধিছিল কথাবোৰ। তেতিয়া সিহঁতেও সিহঁতৰ মাজত কোনো সম্পৰ্ক নাই বুলিয়েই কৈছিল।
তেতিয়াৰেপৰা পলাশী আৰু পলৰ মাজত মাতবোল একেবাৰে বন্ধ হৈ পৰিল।ইটোৱে সিটোৰ চকুলৈ চাবলৈও যেন সাহস হোৱা নাছিল। কেতিয়াবা চকুত চকু পৰিলেও দুয়োটা যেন লাজত মুচকচ গৈছিল। সময়বোৰ পাৰ হʼল এনেদৰেই।সময়ত পলে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ কলেজত নামভৰ্তি কৰিলে।ৰিজাল্ট দিয়াৰ দিনা পল বিদ্যালয়লৈ আহিছিল। অভিনন্দন জনাওঁ বুলি ভাৱিও তাই পলৰ কাষলৈ যাব পৰা নাছিল।আঁৰচকুৰেই ইটোৱে সিটোক চাই ৰৈছিল।
পলক তাই লগ নোপোৱা হৈ আহিছিল।সময়ৰ সোঁতত তাই পাহৰি পেলাইছিল তাক।তায়ো হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ কলেজত নামভৰ্তি কৰিলে। কলেজীয়া জীৱনৰ ব্যস্ততাপূৰ্ণ দিনবোৰৰ মাজত তাই নিজক এৰি দিছিল।
সেইদিনা আছিল সোঁতৰ জুন।উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ৰিজাল্ট দিছিল।বৰ সুখ্যাতিৰে উত্তীৰ্ণ হৈ তাই মহাবিদ্যালয়খনলৈও গৌৰৱ কঢ়িয়াই আনিছিল। সেইদিনাই তাইৰ পুনৰ পলৰ লগত কথা হৈছিল।তাইলৈ ফোন আহিছিল সেই অচিনাকী নম্বৰটোৰ পৰা___
"হেল্লʼ , কোনে কৈছে?"
"অ.. পলাশী হয়নে? মই পলে কৈছোঁ।"
এনেদৰেই পলে পৰীক্ষাৰ ৰিজাল্টৰ অভিনন্দন জনাই দুই এটা কথা পাতিছিল। এনেদৰেই দুই এদিনৰ মূৰে মূৰে সিহঁতৰ কথা পতা আৰম্ভ হৈছিল। বেছিকৈ পঢ়া শুনাৰ কথাই পাৰিছিল।পলেও তাইক বহুত সহায় কৰি দিছিল পঢ়া শুনাৰ ক্ষেত্ৰত।তায়ো কিবা নুবুজিলেই পলৰ লগত আলোচনা কৰে।
কেনেকৈনো দুয়ো দুয়োৰে হৃদয়ৰ মাজত গম নোপোৱাকৈ সোমাই পৰিছিল,সেয়া হয়তো এজনেও গম পোৱা নাছিল।এদিন কথা নপতাকৈয়ে থাকিব পৰা নাছিল।অভিমানো বাঢ়িছিল দুয়োৰে মাজত।সময়ৰ লগে লগে সিহঁতে নিজেও যেন কথাবোৰ বুজি উঠিছিল। কিন্তু সাহস নাছিল এজনৰো।ভয়তো কʼত,সেয়াও হয়তো নাজানিছিল। তথাপি যেন কিবা এক অজ্ঞাত বান্ধোনেৰে বান্ধ খাই পৰিছিল দুয়োজন। এনেদৰে দুবছৰ পাৰ হৈছিল সিহঁতৰ সম্পৰ্কটো। এদিন পলেই সাহস গোটাই কৈছিল।বেচেৰা পল লাজতে মোচকচ্ গৈছিল। কিমান দিনৰেপৰা যে পলাশীয়ে এই কথাষাৰিকে শুনিবলৈ অপেক্ষা কৰি আছিল।তাই সেই সময়ত এক অজান অনুভূতিত জঁপিয়াই উঠিছিল।
তথাপি তাই হাঁহি হাঁহি উত্তৰ দিছিল--" তুমি ইমান দিন কথা পাতিলা মোৰ সৈতে,অথচ মোৰ হিয়াত যে আন কোনোবা এজন আছে..., সেইটো নুবুজিলা।"পলাশীৰ কথাত পলৰ মূৰত বজ্ৰপাত পৰাৰ দৰে অৱস্থা হৈছিল।সি যেন নিজৰ কাণকে বিশ্বাস কৰিব পৰা নাই।সি শুনা মাত্ৰকে ফোনটো যোগাযোগ বিচ্ছিন্ন কৰি দিছিল। নিজক যেন কোনোপধ্যেই বুজাব পৰা নাছিল সি।
দিনবোৰ পাৰ হৈছিল যদিও পলাশীয়ে পলৰ লগত যোগাযোগ কৰিব নোৱাৰা হৈ পৰিছিল।পলাশীয়ে ভৱা নাছিল সি যে চিৰিয়াছ কৈ লʼব।তাইয়ো যেন শান্তিত দিনবোৰ পাৰ কৰিব পৰা নাছিল। এদিন তাই লগৰ বান্ধৱী এজনীৰ পৰা পললৈ ফোন কৰিলে---
"তুমি বাৰু মোক বুজিও নাপালানে? মই তোমাক ধেমালিহে কৰিছিলোঁ।"
"ধেমালি এনেকৈ কৰেনেকি পাগলী? মোৰ ৰং চাইছিলা নেকি তুমি?" পলৰ অভিমানী মুখখন তাইৰ দুচকুত জিলিকি উঠিল।তাই তাৰ কথা শুনি হাঁহি দিলে। আনন্দত পলৰো দুগালেৰে লোটক বৈ আহিছিল।
সেইদিনাৰপৰাই সিহঁত সোমাই পৰিছিল ভালপোৱা নামৰ এক সম্পৰ্কত।মৰম , ভালপোৱাবোৰ যেন বাঢ়ি গৈছিল দিনকদিনে। সৰু সৰু কথাতেই অভিমান কৰা পলাশীজনীক মৰমেৰে বুজাইছিল পলে।তায়ো মিচিকিয়া হাঁহি মাৰি কৈছিল তাক------ "কিয় তুমি ইমান বুজি পোৱা মোক?"
"বুজি নাপালে জানো সেয়া ভালপোৱা হʼব পাৰে?"পলাশীয়ে হাঁহিছিল মাথোঁ তাৰ কথাত।
দিনবোৰ বাগৰিছিল।পঢ়া শুনাৰ ব্যস্ততাও বাঢ়িছিল দুয়োৰে।মাজতে কিছু সময় উলিয়াই দিনটোৰ খা-খবৰ লৈছিল। এনেকৈয়ে সিহঁতৰ সম্পৰ্কই ৬ বছৰ অতিক্ৰম কৰিলে।সময়ৰ গতিত পলে চাকৰি এটাও পালে।পলাশীয়েও নিজৰ কৰ্মসংস্থাপনৰ বাবে ব্যস্ত হৈ পৰিল। এদিন দুয়োৱে সিদ্ধান্তও লʼলে দুয়োৰে ঘৰত কথাটো জনোৱাৰ। এদিন দুয়োখন ঘৰেই মানি লʼলে সিহঁতৰ সম্পৰ্কক। চাকৰিসূত্ৰে পল অসমৰ পৰা আঁতৰি থাকিবলগীয়া হʼল।
লাহে লাহে ব্যস্ততাপূৰ্ণ জীৱনত দুয়ো ব্যস্ত হৈ পৰিল।আগৰদৰে পলে পলাশীক বেছি সময়ো দিব নোৱাৰা হʼল।নাই, তাত পলাশীৰ কোনো অভিযোগ নাই।পলৰ জীৱনত তাই সাহস হৈ থিয় দিব বিচাৰে।ব্যস্ততাপূৰ্ণ জীৱনতো সিহঁতৰ মৰমবোৰ কমি যোৱা নাছিল।বৰং বেছিকৈ বুজি উঠিছিল ইজনে সিজনক।মাজে মাজে পলাশীয়ে অভিমানো নকৰা নহয়। কিন্তু পলৰ বুজনিত তাই পিছ মূৰ্হুততে হাঁহি পায়।
"হেই, ধেমালিও বুজি নোপোৱা তুমি।কোৱাছোন কোৱা,আকৌ কোৱা...।বৰ ভাল লাগে দেই তোমাক জোকায়।"
এনেকৈ কৈয়ে পিছমূহুৰ্ততে হাঁহি দিয়ে তাই।পলৰ উপায়হীন মুখখন চাই তাই বৰ আনন্দ পায়।
আজি তাইৰ অপেক্ষাকৃত দিনটো আহি পালেহি। এসপ্তাহৰ ছুটী লৈ পল ঘৰলৈ আহিছে।ঘৰ আহি পোৱাৰ পাছদিনাই সি পলাশীহঁতৰ ঘৰলৈ অহাৰ কথা।ভাৱনাত ডুব গৈ পলাশী যেন আজি উটি-ভাঁহি ফুৰিছে। কিমান যে মধুৰ ক্ষণ গণি তাই পল আহি পোৱালৈ বাট চাই আছে। অপেক্ষাৰ ক্ষণবোৰো বাৰু কেতিয়াবা ইমান দীঘলীয়া হয়নে? তথাপি দেখোন প্ৰিয়জনৰ বাবে অপেক্ষা কৰি।কিবা এক লাজ লাজ অনুভূতিয়ে আৱৰি ধৰিছে তাইক। আইনাখন চাই তাই নিজৰ মাজতেই অকলে হাঁহি পাইছে।ঘৰখনৰ কাৰোৰে চকুলৈও চাব পৰা নাই আজি। চবেই আজি কিয় বাৰু তাইক চাই হাঁহি মাৰিছে।হাঁহিবৰে কথা।তাই যিহে কাণ্ড কাৰখানা কৰি আছে আৰু।
এনেতে পলাশীৰ ফʼনটো বাজি উঠিল।তাই জাপ মাৰিবলৈ উঠি ফʼনটো ধৰিলেগৈ।তাই অলপ আচৰিত হʼল।ভাৱিছিল পলৰ ফোন বুলি। কিন্তু তাৰ ঘৰৰপৰাহে।
"অʼ মা,মা..।ধৰাছোন ফোনটো।পলৰ ঘৰৰপৰা ফোন কৰিছে।" পলাশীয়ে মাকক মাতিলে।
"হেই,এইজনী।পলৰ ঘৰৰপৰাহে ফোন কৰিছে।কথা পাত আকৌ।"
পলাশীয়ে ফোনটো ৰিচিভ কৰিলে।পলৰ দেউতাকে ফোন কৰিছে।পলৰ দেউতাকৰ কথা শুনি পলাশী বজ্ৰপাত পৰা মানুহৰ দৰে হʼল।মʼবাইটো হাতৰপৰা পৰি শব্দ কৰি উঠিল। হঠাৎ তায়ো মাটিত ঢলি পৰিল।
"মাইনি.....!" মাক দৌৰি আহিল তাইৰ কাষলৈ।
নাই, তাৰপাছত আৰু তাইৰ একো মনত নাই। পলাশীৰ দেউতাকে ফোন কৰিলে পলৰ দেউতাকলৈ।নাই,ৰিচিভ কৰা নাই।এবাৰত কোনোবা এজনে ফোনটো তুলি ধৰিলে। চাৰিওফালে দেখোন কন্দা কটা,হুলস্থূল শুনিছে তেওঁ।কি হৈছে পলাশীৰ দেউতাকেও ধৰিব পৰা নাই। মানুহজনে ফোনটো তুলি যিষাৰ কথা কʼলে পলাশীৰ দেউতাকৰ মূৰত সৰগ ভাগি পৰা যেন লাগিল। তেওঁ যেন নিজৰ কাণকে বিশ্বাস কৰিব পৰা নাই।
"কি কʼলে তেওঁ।কওঁকচোন।"পলাশীৰ মাকৰ মাতত নিজক সংযত কৰি দেউতাকে কʼলে__ "পল আৰু নাই আমাৰ মাজত।"
"কি কৈছে এইবোৰ আপুনি?"পলাশীৰ মাকে চিঞৰি উঠিল।নাই, তেওঁৱো যেন বিশ্বাস কৰিব পৰা নাই।
হয়, ঠিকেই শুনিছে দেউতাকে।মুখত হাঁহি এমুকুৰা লৈ পল ওলাই আহিছিল ঘৰৰপৰা বাইকত পলাশীৰ ঘৰলৈ বুলি।কোনেও ভৱা নাছিল হাঁহিমুখে ওলাই যোৱা পল তেজেৰে ৰাঙলী হৈ মৃত শৰীৰ লৈ উভতি আহিব বুলি।এখন তিব্ৰবেগী ট্ৰাকৰ খুন্দাত পল গৈ উফাল খাই পৰিছিল কʼৰবাত আৰু থিতাতেই পলৰ মৃত্যু হৈছিল।
লাহে লাহে পলাশীয়ে সম্বিত ঘূৰাই পালে।নাই, কেতিয়া কি হʼল তাইৰ একো মনত নাই। হঠাৎ তাই পাগলৰ দৰে চিঞৰি কান্দিব ধৰিছে। দৌৰি আহিল মাকহঁত তাইৰ ওচৰলৈ। তেওঁলোকো আজি ভাষাহীন।কি বুলি বুজনি দিব তেওঁলোকে নিজৰ আজলী জীয়েকক। সৰুৰেপৰা সকলোৰে মৰম স্নেহৰ মাজত ডাঙৰ হোৱা পলাশীয়ে কেনেকৈ সঁহিব পাৰিব ইমান দুখ? তেওঁলোকৰো মুখৰ মাত হেৰাই গৈছে।কান্দক,যিমান পাৰে কান্দক পলাশীয়ে।দুখবোৰ অলপ হʼলেও পাতল হওঁক মনৰপৰা।
দুগাল তিতি গৈছে পলাশীৰ।নাই, তাইৰ আৰু এতিয়া যেন কান্দিবলৈও শক্তি নোহোৱা হৈ পৰিছে।তাই বাস্তৱিকতাক এতিয়াও মানি লʼব পৰা নাই।
"মিছা কৈছে তেওঁলোকে। কেতিয়াও আঁতৰি নাযায় পল মোৰ পৰা। কিয় মিছা কথা কৈ মোক তেওঁলোকে ইমান কষ্ট দিছে অʼ দেউতা?"পলাশী পুনৰ কান্দোনত ভাগি পৰিল।
"অʼ মা।কিয় তেওঁলোকে এনেকুৱা কৰিছে অʼ মোৰ লগত?কোৱা না পলক মোৰ ওচৰলৈ পঠাই দিবলৈ। মই নোৱাৰোঁ অʼ মা তেওঁৰপৰা আঁতৰি থাকিব।"
নাই,সকলো নিমাত।কি বুলি সান্ত্বনা দিব পলাশীক। কেনেকৈ অত বছৰে পলৰ সৈতে পাৰ কৰোঁৱা মধুৰ ক্ষণবোৰ বুকুৰ মাজত সাঁচি থʼব তাই?কোনে ভাঙিব তাইৰ সৰু সৰু অভিমানবোৰ? কোনে কʼব তাইক---
"অই,কোৱানা.; থাকিবানে আজীৱন মোৰ সুখ দুখৰ লগৰী হৈ?"
" যদি বুজি নাপাওঁ,সেয়া জানো ভালপোৱা পাৰে হʼব?" তাইয়ো হয়তো তাৰ কথাত মিচিকিয়াই হাঁহিব।
"থাকিবানে সুখৰ সময়ত সুখবোৰ ভগাই লʼবলৈ আৰু... আৰু দুখৰ সময়ত সাহস হৈ থিয় দিবলৈ?"নাই, তাই আৰু একো ভাৱিব পৰা নাই। মূৰটো আচন্দ্ৰাই ধৰিছে।চিঞৰি উঠিছে------
"কিয় ইমান নিষ্ঠুৰ হʼলা অʼ প্ৰভু? কিয় মোকো লৈ নগʼলা তেওঁৰ লগত? কেনেকৈ জীয়াই থাকিম মই?"কান্দি কান্দি ভাগৰি পৰিছে পলাশী।তায়ো যদি যাব পাৰিলহেঁতেন পলৰ কাষলৈ।নাই, সঁচাকৈয়ে নাই আজি পল তাইৰ কাষত।
মাকে চকুলো টুকি পাৰ্যমানে বুজনি দিছে পলাশীক। কেনেকৈ বাৰু চকুৰ আগত সন্তানৰ দুখবোৰ চাই থাকে তেওঁ? আৰু পলাশী,তাই জানো পাৰিব ৮ বছৰীয়া মধুৰ সম্পৰ্কটোক স্মৃতি বুলি ভাৱিব? যিয়ে প্ৰতিটো পলতে তাইৰ কাষত সাহস হৈ আছিল,যাৰ সৈতে সুখ দুখৰ সকলো কথাই ভাগ বতৰা কৰিছিল______, নাই,এইটো কেতিয়াও তাইৰ বাবে সম্ভৱ নহয়।
পলৰ নিভাঁজ মৰমবোৰৰ পৰা নোৱাৰে তাই আঁতৰি থাকিব। আৰু... আৰু তাইৰ সৰু সৰু অভিমানবোৰ সি নাথাকিলে কোনে ভাঙিব আজিৰপৰা? কেনেকৈ বাৰু পাহৰি যাব পাৰিব তাই ভালপোৱাজনৰ সৈতে সঁজা ভৱিষ্যতৰ ৰঙীন ক্ষণবোৰ? আৰু ভৱিষ্যতৰ ৰঙীন কাৰেংটো পাৰিব জানো তাই ভাঙি যাবলৈ দিব? সপোনবোৰ পূৰ হোৱাৰ আগতেই সকলোবোৰ ভাগি থান-বান হʼল। তাইক অকলশৰে এৰি বুকুত এবুকু স্বপ্ন সিঁচি পল একেবাৰেই আঁতৰি গʼল তাইৰ কাষৰপৰা। সঁচাকৈ তাই বহুত অকলশৰীয়া অনুভৱ কৰিছে আজি।
কাৰোৰবাবে হয়তো সম্ভৱ নহয় সুমধুৰ পলবোৰ স্মৃতি হিচাপে বুকুত বান্ধি জীয়াই থকাটো।নাই, তাইৰ আৰু একো ভাৱিব পৰা ক্ষমতা নাই।পাৰ্যমানে নিজৰ ওপৰতেই দোষ জাপি সান্ত্বনা লভিব চেষ্টা কৰিছে তাই।
"পলৰ ওচৰলৈ মোকো লৈ যোৱা প্ৰভু।" কান্দি কান্দি খাটনি ধৰিছে তাই ভগৱানৰ ওচৰত।।
✍️ কল্পনা বৰা
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ