দেউতা-ৰাজলক্ষ্মী বৰঠাকুৰ

©Admin
0
"দেউতা " ই এটা শব্দ নহয় , 
মোৰ সফলতাৰ আঁৰত থকা ব্যক্তি জন। 
দেউতা যাৰ আঙুলিত ধৰি নাইবা যাৰ চাইকেলত
বহি আমাৰ স্কুলীয়া জীৱন আৰম্ভ হয়। 
আনৰ আগত এই জনী মোৰ ছোৱালী বুলি  
গৌৰৱেৰে চিনাকি দিয়া জনেই মোৰ 
              "দেউতা "। 
পৃথিৱীত কেৱল এজনেই মানুহ আছে ,
যিয়ে নিজতকৈ বেছি উজ্জ্বল ভবিষ্যত
নিজৰ সন্তানৰ হোৱাতো বিচাৰে।
সেইজন হৈছে "দেউতা "। 
আমাক দুবেলা দুমুঠি খোৱাবৰ বাবে 
নিজৰ তেজক পানী কৰা জন , 
মাৰ দৰে দেখুৱাই  মৰম নকৰিলেও
আমাক  মনে-প্রাণে ভালপোৱা জন, 
জীৱন যুঁজত আমাক হাৰিবলৈ নিদি প্রতিটো 
খোজত সহায় কৰা জনেই হ'ল 
         "  দেউতা "। 


◾ৰাজলক্ষ্মী বৰঠাকুৰ
দেৱৰাজ ৰয় মহাবিদ্যালয় গোলাঘাট

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)