আকাংক্ষা-ৰেণু শৰ্মা

©Admin
0
জীৱন মানেই যন্ত্রণা
যন্ত্ৰণা মানেই জীৱন
হাঁহি, অশ্ৰু, দুখ, বেদনা, অভিপ্সা, প্ৰেম, বিচ্ছেদৰ সমাহাৰ। যাৰ জীৱন নাই তাৰ যন্ত্রণা ও নাই
তাৰ মৃত্যুও নাই। 
মৃত্যুৰ পিছত যদি জীৱন আছে
সেই মৃত্যু মোক নালাগে
মোক এনে এটি মৃত্যু দিয়া
যাৰ পাছত আৰু এই
যন্ত্রণা কাতৰ জীৱন 
জীব নালাগে
ঈশ্বৰক মই সোধো 
তুমি এনে জীৱন কিয় নিদিয়া
যি জীৱনত দুখ নাই 
নাই যন্ত্রণা কাতৰতা
নাই হতাশা, নাই হতাশাৰ দৈন্যতা
আছে মাথো অফুৰন্ত আনন্দ আৰু
অশ্ৰুহীন বাস্তৱৰ
সপোনবিভোৰতা
যি বিচাৰি  ফুৰোঁ
তাকেই
দ্বিধাহীন ভাৱে কৰি যাব পাৰি
নাই নিষ্ঠুৰ বাস্তৱৰ
পাশৱিক হাতোৰা।

◾ৰেণু শৰ্মা,ডিব্ৰুগড়।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)