বহুদিনেই হ'ল তোমাৰ সৈতে কথা নপতা,
কেনে আছা বাৰু তুমি?
আজিও তোমাৰ অভ্যাস আছেনে
জোনাক ৰাতি জোনটোৰ লগত কথা পতাৰ?
নে তুমি এতিয়া মোৰ লগতে
এৰি চলিব শিকিছা মোৰ লগত গঢ়ি তোলা সকলো অভ্যাস?
অৱশ্যে মই কিন্তু এৰা নাই
না তোমাক, না....
এহ বাদ দিয়া!
আজিও মোৰ অভ্যাস জোনটোৰ সৈতে কথা পতাৰ,
তুমি দি যোৱা যন্ত্রণাত দিনে নিশা ককবকাও,
তুমি যে নাই মোৰ কাষত
আৰু তোমাক যে এতিয়া ভালপাব পাহৰা নাই
সেই কথা জোনটোকো কৈছো।
বুজিছা,জোনটোৰ বাবে তৰাবোৰক আওকাণ কৰো বাবে
সিহঁতৰ মনটো অভিমান জাগিছে,
আচৰিত! তুমি কাষত থাকোতে কিন্তু
এইবোৰ ভবাই নহৈছিল কোনোকালে।।
✍️চিন্ময় বৰা।