তৰাফুলৰ হাঁহি - হেমেন হাজৰিকা

©Admin
0
তৰা থপিয়াই অনাৰ 
      দুৰ্বাৰ আশা পুহি ৰখা 
      পখিলাজাকৰ
      আজি আনন্দৰ
      পাৰভঙা উছাহ ।।

      আনন্দৰ বন্যাত 
      উটি গ'ল
      অতীতৰ যত দুৰ্ভোগ ।।

     পখিলাবোৰ আজি
      জাক পাতি উৰিছে
      পাৰ ভঙা আনন্দত
      উটি গৈছে
      প্ৰতিটো পল ।।

     অনাগত প্ৰতিটো পলত
     নিৰ্ধাৰণ হ'ব
     পখিলাই কি মৌ চুহিব ।।

     অন্যথা
     জোনাকী আজুৰিবলৈ গৈ
     পপিয়া তৰাহৈ
     দুবৰিত খহি পৰিব ।।

          ✍️হেমেন হাজৰিকা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)