পৃথিৱীৰ ,মুখা পিন্ধা ভাওৰীয়া,
বিৰক্ত সপোনত শ্মশানলৈ যোৱা এটি নিশা
নিসংগ চহৰত তেওঁৰ হৃদয়খনৰ অভ্রান্ত পোহৰ
কলিজাৰ ঠিকনাত ভাড়াতীয়া মই
মগজুৱে দি যোৱা তুলাচনীৰ হিচাপৰ বাবে
আপোনক আদৰিবলৈ তেওঁ কুণ্ঠাবোধ
ভাবিছিলোঁ বিৰহৰ অগনিয়ে মোকেই দহিছে
পিছতহে শুনিলোঁ,মৰিচিকা খেদি তিনিসুঁতি পাৰত
তেওঁও বিৰহৰ বিহ পান কৰিছে ।
ফটা কাপোৰৰ জীৱনীত আধৰুৱা পৃথিৱীৰ সমীক্ষা
নিলাজ ৰাজপথত ভাগৰুৱা দুভৰি ,পেটৰ তাড়না
ডাছবিনৰ গেলা-পঁচা খাদ্যত ৰেষ্টুৰেণ্টৰ সুগন্ধি।
কলিকালত আজিৰ দুৰ্যোধনে কৈছোঁ মই
ৰাজসভাত ভাই দুঃশাসন হতভংগ
বস্ত্ৰহৰণ বাবে দ্ৰোপদীৰ কম্পিটিছন
সামাজিক মাধ্যমত সকলো চেলিব্ৰেটি
মৰুভূমিত কুঁৱা খান্দি,দুখীয়াক দান দিম
চকুলো টুকি হাজাৰ হাজাৰ লাইকলৈ হৈ যাম দানবীৰ
বাঃ বাঃ সমাজ, হাই হাই চেলিব্ৰেটি।
✍️ নীলপ্ৰতিম বৰা