কণ কণ সপোনবোৰ কলিতে মৰহি গ’ল অজানিতে
চিৰকাললৈ এক শোক আঁৰি দি গ’ল ঘৰবোৰত
পদূলিমুখত বাট চাই থকা মাকবোৰৰ বুকুত
এটা শিল গজি উঠিল গোটেই জীৱনৰ বাবে
জ্বলি উঠা চিতাবোৰ এতিয়াই পূৰঠ হোৱা নাছিল
মানুহবোৰৰ ঘৰত ভিন্ন ৰঙী গোলাপ ফুলা কথা আছিল
মৃত শৰীৰেৰে কথা কব নোৱাৰে কন্দুৱাব পাৰে আপোনজনক
মৃত শৰীৰত জ্বলি উঠিব পাৰে জুই
শুকুৱাব পাৰিব জানো সন্তাপৰ জুই ।
✍️ প্ৰদীপ দাস ঠাকুৰ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ