মৰিয়নি ভ্ৰমণ - ক্ষীৰোদ মণি মহন

সময় তেতিয়া ৯/১০ টা বাজিছে । ভাত কেইটামান খাই উঠিছো। সেইসময়তে ভিনিদেউৱে ক'লে মৰিয়নিৰ পৰা আহোগৈ বলা । ম‌ইও কলো ব'লক মোৰো কাম এটা আছে। ঠিক আমি দুয়োয়ে বাইকখন লৈ গলো আমাৰ গন্তব্য স্থানলৈ । পালোগৈ আৰু মৰিয়নি । ১২ বজাৰ লগে লগে ভিনিদেউয়ে তেওঁৰ কামবোৰ কৰি শেষ কৰিলে তাৰ পিছত ম‌ই মোৰ কামতো কৰিবৰ বাবে অফিচ এটালৈ গ'লো । আৰু‌ তাৰ পিছত আমি দুয়ো টাউনৰ পিনে ফুৰিবলৈ গ'লো । ঠিক সেইসময়তে আমি ভাত খাবলৈ হোটেলত বহিলো । ভাত খাই উঠাৰ পিছত আমি তাতে অলপমান জিৰণি লৈ ঘৰলৈ বুলি উভটিলো । উভতাৰ বাটত আমি ঘৰলৈ বুলি ইচকচ, জাতিলাউ , আদা আদি ল'লো । ওভতাৰ বাটত আমি হাতীভেঁকুৰী এজোপালৈ মন কৰিলোঁ আৰু পিটিকা কৰি খাবলৈ বুলি কেইটামান লৈ ল'লো । লৈ মেলি আমি গাড়ীখন ষ্টাৰ্ট দিছো অলপমান গৈয়ে নহ'ব লগা ঘটনাটো ঘটিল নহয় । বাইকখনৰ চেইনডাল চিঙি থাকিল। তাৰ পিছত আৰু আমাৰ অৱস্থা চাবলগীয়া । বাগানৰ মাজেৰে প্ৰায় ৭-৮ কিলোমিটাৰ বাইকখন ঠেলি ঠেলি ভাল কৰিবৰ বাবে আগবাঢ়িলো। অৱশেষত ভাগৰে জোগৰে গৈ পালোগৈ হেঙুল থিয়েটাৰৰ মুখ্য কাৰ্যালয় ৰ ওচৰত থকা গেৰেজত। আমি ভাবিছিলো চেইনডাল খোৱাই সোনকালে গড়গুৰি যাম। এষাৰ কথা আছে নহয় বোলে ভবা কথা নহয় সিদ্ধি বাটত আছে কণা বিধি পোনে গৈ গেৰেজত কেইজনমান মানুহ গোট খাই এজন ককাক পানী খুৱাই ফেনৰ তলত বহুৱাই থৈছোঁ। তাত এজনক সুধিলো বোলো ককাই এওঁৰ কি হৈছে ? তাৰে এজনে কলে বোলে তেওঁৰ বাইকখনত ষ্টাৰ্ট নাই হোৱা।ভাল কৰি দিয়াচোন বুলি কৈ বেঞ্চ খনত বহিছিল । আমি ভাল কৰি আছিলো । হঠাতে তেওঁ বেঞ্চখনৰ পৰা তিনিপাক উলতিখাই মাটিত পৰি গ'ল । তাৰ পাছত এই অৱস্থা। ডাক্তৰৰ জ্ঞান নাই যদিও অলপমান গম পালো যে তেওঁৰ প্ৰেছাৰ হাই। তেওঁক দেখি বেয়াও লাগিছে তেওঁ হয়টো কাৰোবাক মাতিবলৈ বৰ কষ্ট কৰিছে । কিন্তু মাতিব পৰা নাই। প্ৰায় এঘন্টামানৰ পিছত তেওঁ উঠিবলৈ চেষ্টা কৰিছে কিন্তু সফল হ'ব পৰা নাই । অলপমান উঠিল আমি কষ্ট কৰি বহুৱাই থলো । পিছেহেনো তেওঁক কোনেও চিনি নাপায়। আনকি তেওঁৰ কোনো গাড়ীৰ কাগজ পত্ৰ নাই আৰু তেওঁৰ পৰিচয়ো নাই । ১০৮ লৈ ফোন কৰিছো যদিও তোলা নাই তেওঁলোকে । অৱশেষত যেনিবা তুলিলে কিন্তু তেওঁলোকে পৰিচয় বিচৰাত ককাৰ সঠিক পৰিচয় দিব নোৱাৰাত নাহিল । উপায়হীন অৱস্থা। মোৰ মোবাইলতো চাৰ্জ নাই কোনো ৰকম আছো আৰু ভিনিদেউৰ মোবাইলতো লৈ । ওৱেৰিয়ৰচ্ ৰ নম্বৰ বিচাৰি হাহাকাৰ অৱস্থা মোৰ । নম্বৰ পোৱাৰ পিছত তেওঁলোকে আমাক সহায় কৰিলেহেঁতেন কিন্তু ভগৱানৰ যে কি লীলা নম্বৰেই নাপালোঁ। আজিৰ পৰা শপত লৈছো যে কিছুমান দৰকাৰী নম্বৰ কাগজত লিখি ৰাখিম। ২০ খনতকৈ অধিক গাড়ী ৰখাই ব্যক্তিজনক চিনি পায় নি সুধিলো সকলোৱে কেৱল না না। অৱশেষত যেনিবা তেওঁক এজনে চিনি পালে । তেতিয়া তেওঁক ক'লো তেওঁৰ ঘৰত খবৰটো দি দিয়ক তেওঁৰ যে এনে অৱস্থা হৈছে। আৰু তেওঁ ক'লে বোলে তেওঁৰ মৃগী বেমাৰ আছে । তেওঁ যোৱাৰ পিছত আকৌ ককাৰ বেমাৰটো উকাই গ'ল । বহুতে বিশ্বাস কৰে যে মৃগী বেমাৰ হ'লে হ‌ওঁতাজনৰ নাকত চামৰাৰ চেন্দেল বা জোতা, কেচা গোবৰ শুঙাব লাগে । তৎক্ষণাৎ এজনে আহি দিলেহি নহয় চামৰাৰ চেন্দেল জোৰ শুঙাই। তৎক্ষণাৎ উঠিল নহয় খঙতো ডাঙৰ‌ হ'লেও কলো আমি যে কিয় কৰিছে এনেকুৱা চেন্দেলযোৰৰ সহায়ত ক'ত কি গচকি আহিছে পোনেই আহি নাকত লগাই দিছে ধুই লওঁক । কোৱাৰ পিছতে ধুই লগাই দিলে। অলপ দেৰিৰ পিছতে তেওঁ অলপ ভাল হ'ল । তাৰ পিছত আকৌ বেছি হ'ল । উপায়হীন হৈ পুলিচলৈ ফোন কৰিলে এজনে । প্ৰথমতেও এজনে মাৰিছিল নালাগিল। ঠিক সেই সময়তে মোৰ জীৱনৰ দ্বিতীয়টো অভিজ্ঞতা ল'লো -- কৰবাৰ পৰা পুলিচৰ গাড়ী এখন আহিছিল । দিলো নহয় ৰখাই তাৰ পিছত তেওঁলোকে গাড়ী ৰখাই শুধিলে কি হ'ল ? জেষ্ঠ এজনে কথাটো বুজাই ক'লে। তেওঁলোকে আহি এম্বুলেন্স এখন মাতিলে। আৰু কিবা কিবি অলপ তলাচি কৰিলে। ঠিক সেই সময়তে ককাৰ ভতিজাক এজন আহি মোক সুধিলে দাদা ইয়াত মানুহ এজন পৰিছিল নি ? ম‌ই ক'লো ওম হয় তেওঁক তাতে শুৱাই থৈছোঁ আমি । আৰক্ষীসকলে ভতিজাক অহা গম পাই ততাতৈয়াকৈ কথা বাৰ্তা পাতি বেটাৰী ৰিক্সা এখন লৈ হস্পিটেললৈ পঠিয়াই দিলে । তাৰ পিছত আৰু বাইকখন ভাল কৰি আমি ঘৰলৈ বুলি ৰাওনা হ'লো। শেষত আৰক্ষী বিষয়াসকলক ধন্যবাদ জনাইছোঁ ককাক হস্পিতেললৈ পঠিওৱাৰ ব্যৱস্থা কৰাৰ বাবে। ককা যাতে আৰোগ্য হৈ আহে তাৰে কামনা কৰিলোঁ।
ক্ষীৰোদ মণি মহন, চৰাইদেউ ‌

Post a Comment

Previous Post Next Post