বৰষুণ- চুমী নিচি গগৈ

©Admin
0
মোৰ হৃদয় নামৰ চহৰখনলৈ
প্ৰায়েই এজাক প্ৰেমৰ বৰষুণ নামে ,
আৰু ........
মই সদায়েই স্পৰ্শ কৰোঁ 
তুমি তুমি লগা প্ৰতিটো বৰষুণৰ টোপালক...।
প্ৰতি টোপালে তোমাকেই ধিয়াই .....
হৃদয়ৰ অবুজ শিহৰণ..... !!
কিন্তু ....
আজি কালি বৰষুণ জাক ৰাতি আহিব ধৰিছে...
তথাপিও আজিও প্ৰিয় বৰষুণ জাক
সেই তাহানি দিনত অহা বৰষুণ জাকৰ দৰে....।
কিন্তু .....
তেতিয়াও তুমি নাছিলা আৰু এতিয়াও তুমি নাই ...
এতিয়াৰ বৰষুণ জাক তাহানিৰ দৰে ৰোমাঞ্চিত নহয়.....!
ৰোমাঞ্চিত নহয় নিশাৰ বৰষুণ জাক
 হেডফোনত বাজিছিল আৰু এতিয়াও বাজে ....
পাপন দাৰ "তোমাৰ কথা ভাবিলে ই জানা জোনাক উপচি পৰে"।।
তোমাৰ মৰম মৰম লগা কথা বোৰ ....
তোমাৰ মৰম লগা হাঁহি টো 
এতিয়া ৰাতিৰ বুকুত আমাৰ কথাৰ গোপন .....!
____________________________________________
    - চুমী নিচি গগৈ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)