সমন্বয়ৰ এনাজৰী
সু-দৃঢ় হ'ব ।।
ঝুমখেতিৰ এসাজ
জুটি লগাকৈ
গাতে গা লগাই
পীৰাত বহি খাম ।।
এইবাৰ
প্ৰাক্ ঝুমৰ জুইকুৰা
ৰঙাকৈ জ্বলিছিল ।।
আত্মিক সম্বন্ধ
তুলাচনীত নুজুখিবা ।।
এষাৰি কথা
এপালি সঞ্জীৱনী হ'ব পাৰে ।।
কাৰদম চাইডু
তোমাৰ মখমলী কথাই
ন-কৈ এখন সাঁকো গঢ়িব
ঐক্য
সম্প্ৰীতি আৰু
সমন্বয়ৰ ।।
◾হেমেন হাজৰিকা
ৰাণী কামৰূপ অসম