মনৰ কিছু অনুভৱ-চুমী নিছি গগৈ

©Admin
0
   "এতিয়া সপোন সপোন যেন লগা দিন বোৰ" 
  
      মনলৈ উভতি আহে ল'ৰালি
     তোৰে মোৰে এটি এটি ধেমালি ...
                                       - জুবিন গাৰ্গ দা

      শৈশৱ , ই কেৱল তিনিটা আখৰৰ সমষ্টিয়ে নহয় । এই আখৰ কেইটা লগত জড়িত হৈ আছে  বহুতো তিতা মিঠা কাহিনী । যিবোৰ কাহিনী কেতিয়াও পাহৰিব নোৱাৰোঁ। এতিয়া চোন এই কথা সপোন সপোন যেন লগা হʼল, মনত পৰিলে হাঁহি উঠি যায়।অকল হাঁহি আৰু ধেমালি , চিন্তা , ভাৱনা, চৰ্চা বুলিবলৈ একোৱেই নাছিল । 
      মনত পৰে পখিলা ,জিঁঞা পাছে পাছে দৌৰি সিহঁতক সৰু  সূতাৰে বান্ধি এৰাল দিয়া , স্কুলৰ পৰা আহিয়েই ভাত দুটামান খাই খেলিবলৈ যাওঁ বুলি একেবাৰে সন্ধিয়া ঘৰলৈ আহি হাত, ভৰি ধুই  পঢ়িবলৈ বুলি বিছনাতে কিতাপ খন উলিয়াই মায়ে পাকঘৰৰ পৰা শুনাকৈ চিঞৰি চিঞৰি পঢ়া, গাঁওৰ ৰাস্তা কাষৰ পুল,বা নলাবোৰ এজাক বৰষুণ দিলেই পানীৰে উপচি পৰিছিল, লগে লগে সমনীয়াৰ লগত কাগজৰ নাওঁ সাজি পানীত এৰি চাই আছিলোঁ কাৰ নাওঁখন আগত আছে, চৰাই মাত শুনিলেই চৰাইজনীৰ মুখে মুখে চিঞৰা , দেউতা লগত পথাৰলৈ গৈ  মৈত উঠা ,  ৰামায়ন,মহাভাৰত , শক্তিৱান চাবলৈ ওচৰৰ মনোহৰ ঘৰলৈ যোৱা।আপোনাৰ মনত পৰে নে ?
             ৰাস্তাৰ কাষত মাৰ্বল, খলী গুটি আৰু বাৰান্দাত ছেং গুটি খেলা দিনবোৰ এতিয়া যেন অতীত!! 
              প্ৰথম চাইকেল চলাবলৈ শিকোঁতেই পৰি আঠু, কিলাকুটিত চিন বোৰ চাগে আজিও আছে । ঘৰলৈ কোনোবা আলহী আহিলে চাহ দিবলৈ একো নাথাকিলে মায়ে দোকানলৈ পঠিয়াইছিল যদিও আনি ঘৰৰ আগফালৰ দুৱাৰ পিনে গʼলে আলহীয়ে দেখিব বুলি পিছফালৰ দুৱাৰে সোমোৱা আজিও মনত পৰে ।
      পথাৰত ধান কাটিবলৈ যাওঁতে ধানৰ নৰাৰে পেঁপা বজোৱা, ছাতি বনোৱা, চেচু  বিচাৰি গোটেই দিনটো পথাৰতে কটোৱা দিন বোৰৰ মাদকতাই  সুকীয়া আছিল ।
                      
                 সময়ৰ গতিত সকলো সলনি হল । সকলোৰে ইয়াত অতীত জড়িত হৈ আছে । সেই সময় খিনিয়ে অকলশৰীয়া অনুভৱ কৰিব দিয়া  নাছিল। সকলো কাহিনী আজি জীয়া বাস্তৱ। ভাবিলে কিবা নষ্টালজিক হৈ পৰোঁ। সেইবাবে কয় শৈশৱ সদায় সোণোৱালী।
             এইবোৰৰ ক্ষেত্ৰত প্ৰতি গৰাকীয়ে অভিজ্ঞতা আছে ,নথকা নহয় ।বহুত দুখ - কষ্ট, বিনিময় কৰি আজিৰ এই স্থানত পাইছোহি।
    সকলোৱে জীৱনত দুখ সুখ আগমন থাকিবই।জীৱন এটাই নিজৰ মতে উপভোগ কৰক । হাঁহি থাকক সদায় , আগুৱাই যাওঁক।।

     - চুমী নিছি গগৈ
       কাজিৰঙা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)