জীৱ দেহত ভিটামিনৰ প্ৰয়োজনীয়তা - ৰুবিস্মীতা সান্দিল

©Admin
0
ভিটামিন বিলাক আমাৰ দেহত খুব কম পৰিমাণে লাগে যদিও ইয়াৰ অবিহনে জীয়াই থকাটো অসম্ভৱ। খুব কম মাত্ৰাত লাগে বাবে ভিটামিন আৰু খনিজ লৱনক মাইক্ৰনিউটৰিয়েট বোলে। ভিটামিনে আমাৰ শৰীৰ সুস্থ কৰি ৰখাত সহায় কৰে। ভিটামিন বিভিন্ন ধৰণৰ। A ভিটামিন,B ভিটামিন,E ভিটামিন,C ভিটামিন।

             ভিটামিন A -কোষ আৰু কলা গঠনত সহায় কৰে। B ভিটামিনে কোষৰ শ্বাসন, বৃদ্ধি,কৰাত সহায় কৰে,E ভিটামিনে পেশী আৰু স্নায়ু গঠনত সহায় কৰে। ভিটামিনৰ অভাৱত বিভিন্ন ধৰণৰ ৰোগ হোৱা দেখা যায়।A ভিটামিনৰ অভাৱত কুকুৰীকণা,B অভাৱত বেৰি বেৰি, E ৰ অভাৱত পেশীৰ শিথিলতা ৰোগ হয়। কোনো এবিধ ভিটামিনৰ অভাৱত হোৱা অস্বাভাৱিক লক্ষণে দেখা দিয়ে। এনে লক্ষণ বোৰক অভাৱজনিত ৰোগ বোলে। এনে ৰোগ নহ'বৰ বাবে আমি গাখীৰ,কণী,মাংস,মাছ,দাইল আদি খাব লাগে। ইয়াৰ উপৰিও বহু পৰিমাণে পানী খাব লাগে। সেউজীয়া শাক-পাচলি আৰু ফল-মূল খাব লাগে। তেতিয়াহে আমাৰ শৰীৰত ভিটামিনৰ অভাৱ নহ'ব।

✍️ৰুবিস্মীতা সান্দিল , নলবাৰী
     কামৰূপ কলেজ চামতা ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)