ভগৱান - শতাব্দী শৰ্মা

©Admin
0
কতজনে দুখত মাতে তোমাক ,
কতজনে সুখত মাতে তোমাক ।
জীৱনৰ ঘাত - প্ৰতিঘাততো আছা তুমি ,
নৰ - মনুষ্যৰ ক্ৰিয়াকলাপ তুমি চাই আছা জুমি ।
তিৰবিৰ তৰাটিয়ে যেতিয়া আকাশ ছানে ,
জিলমিল জোনাকীয়ে তেতিয়া পোহৰ সানে ।
সেইয়াও তোমাৰেই সৃষ্টি ,
সেইয়াও তোমাৰেই কৃপা ,
তুমিয়েই আমাক কৰা দয়া ,
তোমাৰেই কি যে মায়া ।
জীৱন, বিবাহ, মৰণ ,
তোমাৰেই স্ৰজন ।
নিৰন্তৰে যুগে যুগে তুমি ,
আছা বায়ু, পানী, ভূমিত ।
সপোনে দিঠকে কৰোঁ প্ৰণাম ; 
তুমি দুখীয়াৰ দুখহাৰী 
অসুৰৰ বিনাশকাৰী
আমাৰ সৃষ্টিকৰ্তা ভগৱান ।।

✍️শতাব্দী শৰ্মা 
     নগাওঁ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)