তোমালোকে
বগাকৈ ৰাখিব নোৱাৰিলা
দক্ষিণ কোণৰ
পাতল হৈ পৰা
হালধীয়া দাগটোৰে
চাদৰখন আপচু দেখাইছে
যেন পাৰ হৈ গ'ল
এজাক ধুমুহা ।
সত্যৰ ওচৰত
অসত্যৰ পৰাজয় চিৰন্তন ।
সত্যৰ দোষ অধিক
চৌদিশে অসত্যৰ চক্ৰবেহু
তথাপিও
সত্যৰেই উৰে আকাশে ধিয়াই
খোজ থৈ আহে হিমশিখৰত
যুক্তি যিমানেই শক্তিশালী নহওঁক
ভুল সদাই ভুল বুলিয়েই
স্বীকৃত হয়
চিৰদিন চিৰকাল ।।
◾হেমেন হাজৰিকা
ৰাণী কামৰূপ অসম
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ