নীল গগণমুখী হয় ।।
ক'ত বিলীন হয়
সিহঁতৰ অস্তিত্ব
তাৰ চিন মোকাম নাথাকে ।।
সেই বেলুন
নিৰ্বেলুন হয় ।।
মুখৰ ফু দিয়া
কছৰৎ কৰা
তেতিয়া শতদল ফুলিব
বেলুনৰ প্ৰতিভা প্ৰতিষ্ঠা হ'ব ।।
আমাক বেলুন লাগিব
যিয়ে জিলিকাব লুইতৰ দুপাৰ
অন্যথা
সিহঁত যে দেখাতহে ৰব ।।
বেলুন হ'ব লাগিব
জগত পোহৰ কৰা ।।
বেলুন আমাৰ ভৰসাহে
চাবৰ বাবে নহয় ।।
✍️হেমেন হাজৰিকা
ৰাণী , কামৰূপ ।