বলিয়া বান -পাপু শইকীয়া

খৰালিৰ শীৰ্ণকায় নদীখন 
সবল হৈছে। 
খাল বিলবোৰ পানীৰে পৰিপূৰ্ণ হৈ 
মাছে ওজাইছে। 
আঘোনৰ হেপাঁহৰ সোণগুটি বুটলিবলৈ 
গঞা ৰাইজে সপোন ৰচিছে। 

(এইবাৰ দুডৰামান বেছিকৈ ৰুম দেই পখিলি। 
ধানকেইটামান সৰহকৈ পালে বিক্ৰী কৰি 
ঘৰটো মেৰামতি কৰিম।) 

কঠিয়াডৰা পানীত ডুব যায়। 
কজলা গৰুটোৰ বেমাৰ হয়। 
ভাইটিৰ কিতাপখিনি বিচাৰি পোৱা নাযায়। 
পখিলিয়ে নাৱত চৰু পাতি 
চাদৰৰ আচলত টুকে চকুপানী। 
এইবাৰো আহিল বানপানী! 

বহাগৰ সপোনটো
শাওনত কেৰুন লাগে। 
তথাপি জীয়াই থকাৰ সংগ্ৰাম 
অটুত থাকে। 
কিন্তু ক'ৰবাত ঘনেপতি আউল লাগে । 
পেটৰ ভাত কাঢ়ি লৈ যায়, 
বলিয়া ভদিয়া বানে। 

হ'ব দে পখিলি 
এইবাৰ খৰালিত 
চাংঘৰ সাজিম মজবুতকৈ। 
(চৰকাৰে বাৰ্তা পঠিয়াই থাকে বোলে মোবাইলত। 
হয় কিন্তু দেশখন সচাকৈয়ে দিজিটেল 
হৈ গ'ল।) 

আশাত বন্দী হৈ গৈ থাকে, 
হৃদয়ৰ সপোনবোৰ। 
অহাবছৰলৈ খেতি দুডৰামান 
সৰহকৈ কৰিম। 
ৰুগীয়া দদাইদেউৰ মাটি কেইডৰাও 
আধি কৰিম। 
  
বাগৰি যায় সময়
পখিলিৰ সপোনবোৰ সপোন হৈয়ে ৰয়।
 ◼️ পাপু শইকীয়া 
    চিনাতলী (গোলাঘাট)

3 Comments

  1. ভাল হৈছে পাপু দা💚👍।

    ReplyDelete
  2. সুন্দৰ হৈছে পাপু দা 👍

    ReplyDelete
  3. বহুত ভাল লাগিল পাপুদা

    ReplyDelete
Previous Post Next Post