কুৱেনিৰ দেশৰ হাতীৰ অনাথ আশ্ৰমখনত এভূমুকি

©Admin
0
খ্ৰীষ্টপূৰ্ব ৪৫০শক মানৰ কথা, বঙ্গৰ ৰজা আৰু কলিঙ্গৰ ৰাজকুঁৱৰী মায়াৱতীৰ ঔৰসজাত এজনী সুন্দৰী কন্যা জন্ম হৈছিল ৷ চুপ্পাদেৱী নামেৰে খ্যাত সেই বঙ্গ ৰাজকুমাৰী জনী এদিনাখন অকলশৰে কলিঙ্গৰ পৰা মগধলৈ গৈ থাকোতে সিংহ নামৰ এজন পাহাৰীয়া দৈত্যই অপহৰণ কৰি লৈ গৈছিল ৷ পৰাক্রমী দৈত্য সিংহই চুপ্পাদেৱীক গভীৰ জংগলৰ এটা গুহাত বহু বছৰলৈ আবদ্ধ কৰি ৰখাৰ সময়ত অন্তঃসত্বা হৈ এহাল যজা লৰা-ছোৱালী জন্ম দিলে ৷ চুপ্পাদেৱীৰ লৰা-ছোৱালী ক্রমে সিংহবাহু আৰু সিংহাসীবালি যৌৱনত ভৰি দিয়াত এদিনাখন চুপ্পাদেৱীয়ে সিংহৰ অনুপস্থিতিত লৰা-ছোৱালী হালক নিজৰ আচল পৰিচয়ৰ ভেদ ভাঙি দিলে ৷ তেতিয়া সিংহবাহু ক্ৰোধাম্বিত হৈ মাক,ভনীয়েক আৰু নিজকে বাপেকৰ কৰায়ত্বৰ পৰা মুকলি কৰি বঙ্গ ৰাজ্যত আশ্ৰয় ল'লে ৷ বঙ্গৰ সেনাপতি জনে চুপ্পাদেৱীৰ পানি গ্ৰহণ কৰিছিল বুলিও কথিত আছে ৷ ইফালে দৈত্য সিংহই নিজৰ পত্নী আৰু সন্তানক হেৰুৱাই ক্ৰোধাম্বিত হৈ বঙ্গ ৰাজ্যৰ ওপৰত আক্ৰমণ চলাবলৈ ধৰিলে ৷ অৱশেষত সিংহবাহুএ ধৃত দৈত্য সিংহক বধ কৰি মাক চুপ্পাদেৱীৰ অপমানৰ পোতক লৈছিল ৷ এসময়ত বঙ্গৰজাৰ মৃত্যু হোৱাত দেশৰ জনগনে সিংহবাহুক ৰজা হিচাপে বিচাৰিছিল ৷ কিন্ত সতীয়া বাপেকৰ হাতত বঙ্গ ৰাজ্যৰ শাসন ভাৰ গটাই দি সিংহবাহুৱে নিজৰে ভনীয়েক সিংহাসীবালিক পত্নী গ্ৰহন কৰি নিজৰ জন্ম স্থানলৈ উভতি গৈছিল ৷ নিজৰ পৰাক্রম আৰু পাৰদৰ্শিতাৰ বলত সিংহবাহুৱে সিংহপুৰ ( বৰ্ত্তমানৰ পশ্চিম বংগৰ শিংগুৰ বুলি অনুমান কৰা হয় ) ৰাজ্যৰ প্ৰতিষ্ঠা কৰে ৷ কথিত আছে সিংহবাহু আৰু সিংহাসীবালিকাৰ ৩২টা যমজ লৰা সন্তানৰ জন্ম হৈছিল ৷ পাছে জেষ্ঠপুত্র বিজয়ৰ উৎপাতত অতিষ্ঠ হৈ ৰজা সিংহবাহুৱে ৰাজকুমাৰ আৰু তেওঁৰ ৭০০ জন অনুগামী প্ৰজাক দেশান্তৰিত কৰিবলৈ নিৰ্দেশ দিব লগীয়াত পৰিছিল ৷ ৰজাৰ আদেশমৰ্মে ৰাজকুমাৰ বিজয়ৰ লগতে অনুগামী প্ৰজা সকলৰ চুলি আধা কাটি, তেওঁলোকৰ তিৰোতা সকল, আৰু সন্তানবোৰক বেলেগ বেলেগ জাহাজত তুলি বঙ্গোপসাগৰৰমাজত এৰি দিছিল ৷ সাগৰৰ প্ৰবল ঢৌৰ কোবত ৰাজকুমাৰ বিজয় আৰু অনুগামীসকলৰ জাহাজ লংকাৰ তাম্বপানী নামৰ সাগৰীয় পোতাশ্ৰয় এটাত উপস্থিত হৈছিল গৈ ৷ 
ৰাজকুমাৰ বিজয় আৰু অনুগামীসকলে জাহাজৰ পৰা নামি পোতাশ্ৰয়টোত ভৰি দি জনবসতিৰ উমান ল'বলৈ বুলি ইফালে সিফালে চকু ফুৰাই থাকোতে এটা কুকুৰ ঘুৰি থকা দেখিলে ৷ ৰাজকুমাৰ বিজয়ৰ আদেশত অনুগামীসকল মানুহৰ জনবসতিৰ সম্ভেদ লবলৈ কুকুৰটোৰ পাছে পাছে খোজ দিলে ৷ বহু বেলিৰ মুৰকত এজনো অনুগামী ঘুৰি নহাত ৰাজকুমাৰ চিন্তিত হৈ জাহাজৰ পৰা নামি পোতাশ্ৰয়ৰ কাষৰ হাবিখনৰ ফালে আগুৱাই গ'ল ৷ কিছুদুৰ যোৱাৰ পাছত ৰাজকুমাৰে জংঘলৰ মাজত অন্তৰ্বাস পৰিহিত এজনী সুন্দৰী ৰমনীয়ে যঁতৰত সুতা কাটি থকা দেখিলে ৷ আগতে দেখা কুকুৰটোকো ওচৰতে দেখা পাই ৰাজকুমাৰ মনটো চেবাবলৈ ধৰিলে ৷
যঁতৰত সূতা কাটি থকা ৰমনীজনী আচলতে আছিল যক্ষ নগৰী চিৰিচাবত্থুৰ যক্ষ ৰজাৰ ৰাজকুঁৱৰী কুৱেনি ৷ যক্ষিনী কুৱেনিয়ে মায়াজালেৰে পোতাশ্ৰয়ত আহি উপস্থিত হোৱা অন্য দেশৰ ৰজা বা বনিজ সকলক বশ কৰি ৰাখিছিল অথৱা মাৰি পেলাইছিল ৷ কিন্ত ৰাজকুমাৰ বিজয়ৰ হাত থকা এটা ঐশ্বৰিক কবচৰ কাৰণে কুৱেনিএ তেওঁৰ একো ক্ষতি কৰিব নোৱাৰিলে ৷ ওলোটাই বিজয়ৰ প্ৰভাৱশালীতা আকৰ্ষিত হৈ কুৱেনিয়ে ৰাজকুমাৰ বিজয়ৰ প্ৰেম নিবেদন কৰিলে ৷ ৰাজকুমাৰ বিজয়ে আনন্দমনেৰে কুৱেনিৰ পানি গ্ৰহণ কৰাত নিজৰ অনুগামীসকলক ঘুৰাই পালে ৷ যক্ষিনী কুৱেনিৰ সহায়ত ৰাজকুমাৰ বিজয়ে যক্ষ নগৰী চিৰিচাবত্থু ধ্বংস কৰি সিংহল ( বৰ্তমানৰ শ্ৰীলংকাৰ ) ৰাষ্ট্ৰৰ প্ৰতিষ্ঠা কৰে ৷ ভাৰতীয় মূলৰ মহাৰাজ বিজয়ে খ্ৰীষ্টপূৰ্ব ৫৪৩ ৰ পৰা ৫০৫ চনলৈ সিংহল শাসন কৰিছিল বুলি ঠাৱৰ কৰা হয় ৷ মহাৰাজ বিজয় আৰু কুৱেনিৰ ঔৰসজাত দুটা সন্তানো জন্ম হৈছিল ৷ কিন্ত সেই সময়ত চক্ৰবৰ্তী ৰজাৰ খ্যাতি লাভ কৰিবলৈ মহাৰাজ বিজয়ৰ ক্ষত্ৰিয়কূলৰ কন্যা বিবাহ কৰোৱাটো বাঞ্ছনীয় আছিল ৷ সেই সূত্ৰেই মহাৰাজ বিজয়ে ভাৰতৰ পান্ডু ৰজাৰ দুহিতাৰ পানি গ্ৰহণ কৰাৰ ক্ষোভত কুৱেনিযে বিজয়ক ত্যাগ কৰি পিতৃৰ ৰাজ্য লংকাপুৰলৈ গুছি গৈছিল যদিও জাতিদ্ৰোহৰ অপৰাধত যক্ষ সকলে কুৱেনিক হত্যা কৰিছিল ৷
মহাৰাজ বিজয়ৰ দ্বিতীয়া পত্নী নিঃসন্তান হোৱাৰ বাবে মহাৰাজ বিজয়ৰ মৃত্যুৰ পাছত ভাৰতীয় মূলৰ নিজৰ যমজ ভাতৃ চমিট্টৰ পুত্ৰ পান্ডুবাসুদেৱে সিংহলৰ শাসনভাৰ হাতত তুলি লৈছিল ৷

    আজি কিছুবছৰ আগতে অৱসৰ বিনোদনৰ বাবে পৰিয়ালসহ তাহানিৰ সেই সিংহল তথা শ্ৰীলংকা ভ্ৰমণলৈ গৈছিলো ৷ সেই ভ্ৰমনৰ সময়ত দেশখনৰ মনোৰম প্ৰাকৃতিক সৌন্দৰ্য্য, কিম্বদন্তিত বৌদ্ধ মঠ-মন্দিৰ , লোক সংস্কৃতিৰ, পৰম্পৰাগত সমাজিক জীৱন আৰু বিশাল চাহ বাগিছা সমূহ চোৱাৰ লগতে এখন আচৰিত হাতীৰ অনাথ আশ্ৰমো দেখাৰ সৌভাগ্য হৈছিল ৷ আজি আপোনালোকক শ্ৰীলংকাৰ কাগেলি নগৰৰ সমীপৰ সেই পিন্নাৱালা হাতীৰ অনাথ আশ্ৰম খনৰ বিষয়ে কিছু বিশেষ তথ্য অৱগত কৰাব বিচাৰিম ৷ 
  ১৯৭৫ চনত শ্ৰীলংকাৰ বন্যপ্ৰাণী সংৰক্ষণ বিভাগৰ তত্পৰতাত গভীৰ জংঘলৰ মাজত এটা মাতৃহাৰা মতা হাতীৰ পোৱালি অসহায় অৱস্থাত উদ্ধাৰ হৈছিল ৷ সদ্যজাতা হাতীৰ পোৱালিটো উদ্ধাৰ কৰি আনি সংশ্লিষ্ট বিভাগে শ্ৰীলংকাৰ প্ৰথমজন ৰাজাধিৰাজ বিজয়ৰ নামৰে নামাকৰণ কৰি শ্ৰীলংকাৰ উইলপাত্তু ৰাষ্ট্ৰীয় উদ্যানত দেশখনৰ প্ৰথমখন হাতীৰ অনাথ আশ্ৰমখনৰ প্ৰতিষ্ঠা কৰিছিল ৷ পাছলৈ উদ্ধাৰ কৰি অনা হাতীৰ সংখ্যাবৃদ্ধি হোৱাত এই হাতীৰ অনাথ আশ্ৰমখন মহা অয়া নদীৰ পাৰৰ পিন্নাৱালা গাঁওলৈ তুলি অনা হৈছিল ৷ এই অনাথ আশ্ৰমখনত জংঘলৰ ভিতৰৰ পৰা অসহায় অৱস্থাত থকা মাতৃহাৰা, আঘাত প্ৰাপ্ত, ৰোগীয়া অথবা শাৰীৰিকভাৱে অক্ষম সৰু ডাঙৰ হাতীবোৰক উদ্ধাৰ কৰি আনি বিশেষ সেৱা সুশ্ৰূষাৰে সুষ্ঠ কৰি তুলি পুণৰ জংগলৈ প্ৰত্যাবৰ্তন কৰোৱা হয় ৷ কেতিয়াবা আকৌ দেশখনৰ কিছুমান মঠ-মন্দিৰৰ কতৃপক্ষ অথৱা প্ৰকৃতিপ্ৰেমীয়ে অনাথ হাতীৰ পোৱালিবোৰ লৈ গৈ তুলি তালি ডাঙৰ দীঘলো কৰে ৷ কিন্ত তেওঁলোকে সেই হাতীৰ দ্বাৰা কোনো শাৰীৰিক পৰিশ্ৰম কৰাব নোৱাৰিব অন্যথাই দেশখনৰ আইনমতে দন্ডণীয় হ'ব ৷ তোলনীয়া হাতীবোৰৰ স্বাস্থ্য আৰু সুৰক্ষাৰ বুজ লবলৈ দেশখনৰ সংশ্লিষ্ট বিভাগে সময়ে সময়ে অভিজ্ঞ নিৰীক্ষক পঠিয়াই ৷ নিৰীক্ষকৰ প্ৰতিবেদন মৰ্মে সংশ্লিষ্ট বিভাগটোৱে হাতীবোৰ জব্দ কৰি পুনৰ আশ্ৰমখনলৈ ওভতাই আনে ৷ যিসকলে হাতী সমুহৰ উচিত যত্ন পাতি লয় আৰু সময়ত প্ৰজনন কৰাই বংশবৃদ্ধিৰ ক্ষেত্ৰত সহায় কৰে সেই সকলক শ্ৰীলংকাৰ চৰকাৰে পুৰস্কৃত কৰে বুলি জানিব পৰা গৈছিল ৷
     বৰ্তমান সময়ত পিন্নাৱালাৰ এই অনাথ আশ্ৰমখনৰ কিছুমান বিভিন্ন বিশেষত্বৰ বাবে দেশী বিদেশী পৰ্যটকৰ বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে ৷
আশ্ৰমখনৰ বৈশিষ্ট্য সমূহ হ'ল এনেধৰনৰ-
১৷ ৰাজাধিৰাজ বিজয়ৰ নামৰে নামাকৰণ কৰা দন্তাল হাতীটোক বৰ্তমান আশ্ৰমখনৰ মুৰব্বীৰ দৰে জ্ঞান কৰা হয় ৷ খুৱা বুৱা ,গা ধুওৱা সকলো ক্ষেত্ৰতে আগস্থান দিয়া হয় ৷
২৷ আশ্ৰমখনত থকা নবৈটা অনাথ হাতীৰ প্ৰত্যেকৰে একো একোটা নিজস্ব নাম আছে ৷ আৰু সেই নামেৰে মাতিলে পৰ্যটকৰ কাষ চাপি আহে ৷
৩৷ সকলোবোৰ হাতীৰ কাৰণে এখন দৈনদ্দিন কৰ্ম তালিকা থাকে যেনে পুৱা কচৰত কৰা, লঘু আৰু গুৰু আহাৰ খোৱা, গা ধোৱা, ইত্যাদি ৷ সেই কৰ্ম তালিকানুসৰি হাতীবোৰ বিশিষ্ট স্থানত নিজে নিজে উপস্থিত হয় ৷
৪৷ নিতৌ পুৱা কচৰতৰ পাছত হাতীবোৰক নিজৰ নিজৰ আবাসত লঘু আহাৰ কৰোৱা হয় ৷ তাৰপাছতেই পশু চিকিৎসকৰ এটা দলে হাতীবোৰৰ স্বাস্থ্য পৰীক্ষা কৰে ৷ প্ৰসৱসম্ভাৱা হাতীবোৰক বিশেষভাৱে চোৱা চিতা কৰি পৰ্যটকৰ দৃষ্টিৰ পৰা আতৰত ৰখা হয় ৷ 
৫৷ প্ৰজননৰ কাৰণে উপযুক্ত হাতীবোৰক অনাথ আশ্ৰমখনৰ পৰা নিলগত মুক্ত আকাশৰ তলত জলকেলিৰ সুবিধা থকা এটুকুৰা বিশিষ্ট স্থান এৰি দিয়া হয় ৷
৬৷ মধ্যাহ্ন ভোজনৰ আগে আগে সকলো হাতীয়ে নিজৰ নিজৰ মাউতজনৰ লগত শৃংখলাবদ্ধ ভাবে সমদল বান্ধি আশ্ৰমখনৰ পৰা মহা অয়া নদীলৈ গা ধুবলৈ যায় ৷ ৰাজাধিৰাজ বিজয় নামৰ হাতীটোৰ নেতৃত্বত গা ধুবলৈ যোৱা এই হাতীৰ সমদলটো সঁচাকৈয়ে বহুত আকৰ্ষণীয় ৷মহা অয়া নদীত হাতীবোৰৰ জলকেলিৰ অনন্য অনুভৱে প্ৰত্যেকজন পৰ্যটককে ৰোমান্সিত কৰি তোলে ৷
৭৷ এই সকলোবোৰ ভিতৰত আটাইতকৈ আশ্চৰ্যকৰ আৰু বৰ্ণিল অভিজ্ঞতাটো আছিল হাতীয়ে নিজে নিজৰ খাদ্য বস্তু ক্রয় কৰা আশ্ৰমখনৰ ভিতৰৰ বজাৰখন ৷ আশ্ৰমখনৰ মাজখন্ডত বহুতো সৰু ডাঙৰ বিপনীত ফলমূল,ভিজা বুটমুগ, কুঁহিয়াৰ আৰু গাখীৰ ভৰাই ৰখা বটল আদি সজাই ৰখা হয় ৷ ৰাজাধিৰাজ বিজয়ৰ নেতৃত্বত হাতীৰ সমদলটো ইখনৰ পাছত সিখন বিপনীত সোমাই যায় ৷ বিপনী সমূহত গোট খোৱা দেশী বিদেশী পৰ্যটকে হাতীবোৰক বিপনীসমূহৰ পৰা খাদ্য বস্ত কিনি খুৱাই ৷ সকলোতকৈ আচৰিত কথাটো হ'ল হাতীবোৰ নিজে নিজে এটাৰ পাছত এটা শৃংখলাবদ্ধ ভাৱে বিপনীসমূহত ভিৰ নকৰাকৈ আগবাঢ়ি যায় ৷
        শ্ৰীলংকাৰ এছীয় প্ৰজাতিৰ হাতীৰ অনাথ আশ্ৰমখনৰ বৰ্ণিল অভিজ্ঞতাই সচাঁকৈয়ে হৃদয়ত আলোড়ন তুলি গৈছিল ৷ আমাৰ নিজৰ ৰাজ্যখনৰ গৌৰৱ পৃথিৱীৰ বিখ্যাত এশিঙীয়া গঁড় কেইটা, ঢেঁকীয়াপতীয়া বাঘ কেইটা অথবা গৌৰীপুৰীয়া হাতী কেইটাৰ সুৰক্ষাৰ খাতিৰত এনেধৰনৰ অনাথ আশ্ৰমৰ ব্যৱস্থা কৰিব পাৰিলে আমাৰ বনজ সম্পদৰ সংৰক্ষণৰ সম্ভাৱনা অধিক বৃদ্ধি পাব ৷ এনেধৰনৰ অনাথ আশ্ৰম বোৰৰ জৰিয়তে বানপানীৰ কৱলত পৰি, অচিন ৰোগত ভুগি পৰিত্যক্ত বিদ্যুতৰ তাৰত লাগি অথৱা ৰেল,মটৰ গাড়ীৰ আগত পৰি এই দুস্প্ৰাপ্য জীৱ জন্তুবোৰৰ হোৱা মৃত্যুৰ হাৰ কিছু পৰিমাণে নিয়ন্ত্ৰণ কৰিব পৰা যাব ৷ তাৰোপৰি এই অনাথ আশ্ৰমসমূহে অসমৰ পৰ্যটনক্ষেত্রটো এক নৱজাগৰণৰ সূচনা কৰিব বুলি সম্ভাৱনা আছে ৷

- চুমিন্দ্ৰ চৌধুৰী, নতুন দিল্লী

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)