কাল সৰ্পৰ প্ৰতিশোধ -শেষ খণ্ড

©Admin
0
আগৰ দৰে ভৰি দিবলৈ ঠাই নোহোৱা ভিৰ নাছিল। মানুহ বোৰৰ আমনি লাগি নিজৰ নিজৰ কামত লাগিছিল। অখিলৰ শ টোৰ লগতে পাচি এটাত ভৰাই ঢাকি থোৱা সাপ দুটাৰ ছয় দিনীয়া শ টো ও গেলিবলৈ ধৰিছিল। তথাপিও ৰাতিপুৱা শিলত এচাৰি মাৰি থৈ ,কাপোৰ ধুই, সন্ধিয়া কাপোৰ শুকুৱাই আহি নিজৰ মৃত সন্তানটো মৃত সঞ্জীৱনীৰে জীয়াই তোলা, নেতাই ধুবুনী দেশৰ মহান ওজা আহিছে বুলি শুনি এজন দুজন কৈ বহু মানুহ গোট খালে। ওজাই টুপুলাৰ পৰা নতুন মাটিৰ মলা দুটা আৰু চন্দনৰ খৰি ওলিয়ালে। আমৰ খৰি একোঁচা অনাই মলা এটাত জুই জ্বলাই সৰহ কৈ ধুনা দিলে। আঠুৱাৰ ভিতৰৰ পৰা অখিলক ওলিয়াই আনিলে। দুজন মানুহে ডাঙি বহুৱাই দি ধৰি থাকিল।গা-মূৰত‌ দি থোৱা চাউল বোৰ খৰাহী এটাত থৈ দিলে। দংশন কৰা ঠাই টুকুৰাৰ লগতে নাক,কাণ,মুখ আদিৰ পৰা পণীয়া দ্ৰব্য ওলাই আহিছিল।ধুপ ধূনাৰ গোন্ধৰ মাজেৰে অহা দুৰ্গন্ধত উশাহ বন্ধ হোৱাৰ অৱস্থা হৈছিল। লক্ষী বাইদেৱে এখন নতুন ধুতি ভাঁজ কৰি কিতাপ এখনৰ সমান কৰিলে। ওজাই টোপোলাৰ পৰা ওলিয়াই দিয়া সাপৰ চালৰ দৰে বস্তু এটা অখিলৰ মূৰত থৈ ভাঁজ কৰা ধুতি খন তাৰ ওপৰত দিলে । জুই জ্বলি থকা মলাটো ধুতিখনৰ ওপৰত থৈ লক্ষীক ধৰি থাকিবলৈ দি ওজাই চাৰিওফালে ঘুৰি ঘুৰি মন্ত্ৰ মাতিবলৈ ধৰিলে।মাজে মাজে লাথি এডাল লৈ বাৰান্দাৰ খুটা,কাষৰ কলগছ বাঁহ গছ আদিত কোব দিছিল। আগৰ দৰেই তুলা ৰাশিৰ লিটিকাইৰ হাত চালান দিছিল । বিষ মূৰতে আছিল। হঠাতে ওজাই লক্ষী বাইদেউলৈ চাই বঙালীতে কʼলে -“ তুমৰা মাঁ মনসাৰ পূজা কেন কৰʼ না? বচ্ছৰে একবাৰ মায়েৰ পূজা কৰাৰ অংগীকাৰ কৰ” লক্ষীয়ে মূৰ দুপিয়ালে। হঠাতে দেখা গ'ল সৰ্পদংশনৰ ঘাঁ টুকুৰাৰ পৰা মৰা তেজৰ চেঁকুৰাৰ দৰে ক’লা-ৰঙচুৱা পদাৰ্থ ওলাই আহিছে। ভৰিৰ সৰু গাঁঠিৰ ওচৰৰ পৰাও ওলাল।লাহে লাহে তাৰ পৰা দগমগীয়া কেঁচা তেজৰ সোঁত ববলৈ ধৰিলে। কোনো ফালে কোনো শব্দ নাই! সকলোৰে চকু অখিলৰ চকুত! এই যেন চকু পিৰিকাব!গা মূৰ লৰাব! মায়ঙৰ জনাৰ দৰে কাপোৰৰ গাঁঠি খুলাৰ লগতে হাত-ভৰিৰ ভাঁজ খুলি বহিবলৈ কলে। মূৰৰ ফালে এটা বাট এৰি দিবলৈ কলে । সাঁপটো বা তাৰ আত্মা আহিব।বিষ ওলোটাই নিব। আজি উমান নাই,ভূৱন দেদেইয়ে আমাক খেদিলে। পুৱা জৰা ফুঁকাৰ অন্ত পৰিছিল। অতৃপ্ত সৰ্পৰ আত্মা অখিলৰ আত্মাৰ লগত মিলন হ'ল। মাঁ মনসাৰে জয় হ'ল। মনসা পূজা কৰিবলৈ সিদ্ধান্ত দি ওজা যাবলৈ গৈছিল গৈ।
    এখন তিনি খলপীয়া কলৰ ভুৰ সাজি অখিলক নদীত উটাই দিবলৈ সাজু কৰিলে। গৰুগাড়ীত উঠাবলৈ লওঁতেই লাগিল হুলস্থুল। পুলিচ আহি শ টো সৎকাৰ কৰিবলৈ দিলে। নহ'লে চবকে সাঙোৰিব। অনিচ্ছা স্বত্তেও সাপৰ শ সহ অখিলক শ্মশানলৈ নি দাহ নকৰি পুতি থৈ আহিল।
      অষ্টম দিনাৰ ৰাতি হেনো মহামায়াৰ ওজা এজন লৈ শেষৰ দলটো আহি পাইছিল। গাৱঁৰ কিছু মানুহ লৈ শ্মশানত পুতি থোৱা অখিলৰ শটো খান্দি ওলিয়াই ওজাই শেষ ৰাতিলৈকে মন্ত্ৰ মাতি যত্ন কৰিছিল। 
     “গাৱঁৰ কোনোবা শত্ৰুৱে বিষ নামিব নোৱাৰাকৈ মন্ত্ৰপুত তাবিজত বান্ধনি দি ক'ৰবাত পুতি থোৱাৰ বাবেই বিষ নেনামিল । তাবিজটো পালে এতিয়াও জিয়াই উঠাব পৰা যাব ” বুলি ঘূৰি গৈছিল।
   অখিলৰ শহুৰেকৰ ঘৰৰ মানুহে হৰি নাৰায়ণৰ ঘৰৰ লগত শত্ৰুতা দুগুণে বঢ়াই দিছিল। কাল সৰ্পৰ লগতে মানুহৰো প্ৰতিশোধৰ অগনি জ্বলিছিল। 
***************
দেৱ দাস।
তেজপুৰ।
*********

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)