যোগবিদ্যা হৈছে এক দৈহিক, মানসিক আৰু আধ্যাত্মিক দিশক সাঙুৰি লোৱা ভাৰতীয় পৰম্পৰাগত ৰীতি। হিন্দু, বৌদ্ধ আৰু জৈন ধৰ্মৰ মাজত বিভিন্ন তৰহৰ যোগবিদ্যাৰ ৰীতি-নীতি তথা উদ্দেশ্য প্ৰচলিত আছে।
যোগৰ বিষয়ে প্ৰথমে উল্লেখ পোৱা যায় ঋগবেদত। লগতে কিছুসংখ্যক উপনিষদতো ইয়াৰ উল্লেখ পোৱা যায়। বৰ্তমান আধুনিক যুগত যোগবিদ্যাক এক আসনভিত্তিক শাৰীৰিক আৰু মানসিক উৎকৰ্ষ সাধনৰ মাধ্যমৰূপে বিবেচনা কৰা হয়।
যোগৰ উৎপত্তি আৰু ক্ৰমবিকাশ সম্পৰ্কে বাৰু সদ্যহতে থাওঁক। পোনচাটেই আহিছো যোগাসন আৰু সত্ৰীয়া পৰম্পৰাৰ মাজৰ মিলখিনিলৈ। শৰীৰৰ অংগ, প্ৰত্যংগ আৰু উপাংগৰ যথাযথ সঞ্চালনতেই একোটা ভংগিমাৰ সৃষ্টি হয়। নৃত্যৰ ব্যাকৰণ মতে ককাঁলৰ নিম্ন অংশ সঞ্চালন কৰিলে "চাৰী" হয়। আনহাতে ৭-৮ টা কৰণ লগ লাগি একোটা "অংগহাৰ" সৃষ্টি হৈ এটা পূৰ্ণাংগ নৃত্যত পৰিণত হয়। নৃত্য ভংগিমাৰ এনে ললিত সঞ্চালন আয়ত্ব কৰা সহজ নহয়। ইয়াৰ বাবে অতি কঠোৰ অভ্যাসৰ প্ৰয়োজন। যিটো সত্ৰীয়া নৃত্যৰ বৰ্ণমালা স্বৰূপ মাটি আখৰাই সম্ভৱপৰ কৰি তোলে। আনহাতে আসনৰ সৈতে মিল থকা মাটি আখৰাখিনিয়ে শৰীৰৰ জঠৰতা দূৰ কৰাৰ লগতে ব্যায়ামৰ গুণাগুণ লাভ কৰি শিকাৰুক নিৰোগী হোৱাত উপকাৰ সাধন কৰে এনেদৰ---
মাটি আখৰা "কাছ বান্ধ"ৰ কৰণপ্ৰণালীৰ লগত ব্যায়ামৰ মুক্ত পদ্মাসনৰ সাদৃশ্য দেখা যায়। সেয়ে শিকাৰুয়ে ইয়াৰ ফলাফল লাভ কৰে এনেদৰে- ই বাতবিষ আৰোগ্য কৰি বুঢ়া বয়সলৈকে ৰাজহাড় পোন কৰি যৌৱন অটুত ৰখাত সহায় কৰে।
মাটি আখৰা "টেলটুপি"ৰ সৈতে ব্যায়ামৰ 'ধনুৰাসন'ৰ সাদৃশ্য আছে। ইয়াৰ উপকাৰিতা হʼল ই যকৃত আৰু প্লীহাৰ দোষমুক্ত কৰে, কৌষ্ঠ কাঠিন্য দূৰ কৰি পৰিপাক ক্ৰিয়া নিয়াৰি কৰে। বহুমূত্ৰ আৰোগ্য কৰি পেট ককাঁল আদিৰ মেদ নোহোৱা কৰি বুকুৰ গঠন ধুনীয়া কৰে।
মাটি আখৰা "আঠু ৰন"ৰ লগত ব্যায়াম 'উষ্ট্ৰাসন'ৰ মিল দেখা যায়। উপকাৰিতা হʼল ই ৰাজহাড় নমনীয় কৰি কৌষ্ঠ কাঠিন্য নিৰাময় কৰে। বীৰ্যধাৰণ শক্তি বৃদ্ধি কৰে। হাওঁফাওঁ সতেজকৰণ, ভোক বৃদ্ধিৰ বাবে উপকাৰী।
মাটি আখৰা "থিয়লন"ৰ লগত ব্যায়াম 'অৰ্ধ চক্ৰাসন'ৰ মিল আছে। উপকাৰিতা এনেধৰণৰ- ই হাতৰ জোৰ বৃদ্ধি কৰে, ৰাজহাড়ৰ জোৰ আটিল কৰে। উল্লেখ্য যে এই মাটিআখৰাৰ দ্বাৰা ভূজংগাসন, শলভাসন আৰু ধনুৰাসন এই তিনিওটা আসনৰ ফল লাভ কৰিব পাৰি।
মাটি আখৰা "মʼৰাই পানী খোৱা"ৰ লগত ব্যায়াম 'ময়ুৰাসন'ৰ সাদৃশ্য আছে। ই যিকোনো পেটৰ অসুখ আৰোগ্য কৰে। বাত, পিত্ত, কফ আদি দূৰ কৰি শৰীৰৰ জড়তা মুক্ত কৰে।
মাটি আখৰা "উধালন"ৰ লগত ব্যায়াম শীৰ্ষাসনৰ সাদৃশ্য আছে। ইয়াৰ উপকাৰিতা হʼল- ই দৃষ্টি শক্তি, শ্ৰৱণ শক্তি, চিন্তা শক্তি, ধাৰণ শক্তি আদিৰ ক্ষমতা বৃদ্ধি কৰে।
গতিকে কʼব পাৰি যে উঠন বয়সৰ লʼৰা-ছোৱালীয়ে খেলা-ধূলা,ব্যায়াম আদিৰ দ্বাৰা লাভ কৰা ফলাফলখিনি মাটি আখৰা অৰ্থাৎ নৃত্য শিক্ষাৰ দ্বাৰাও লাভ কৰিব পাৰে। সেয়ে এফালে মাটি আখৰাই নৃত্য জ্ঞান প্ৰদান কৰে আনফালে সুন্দৰ দেখনীয়াৰ স্বাস্থ্য অটুত ৰখাত সহায় কৰে। এয়াই শাস্ত্ৰীয় নৃত্য শিক্ষাৰ লাভালাভ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ