দুঃসময়ৰ কবিতা-মামণি ডেকা

সময়ৰ এন্ধাৰ বাটত
সপোনে হেৰুৱালে তাৰ  বাট

এতিয়া চৌপাশে
মাঁথো মৃত্যুৰ কিৰিলি
হৃদয় হেৰুওৱা মানুহবোৰে
বিচাৰি ফুৰিছে
এখন সেউজীয়া পৃথিৱী

বানত উদ্বাস্তু মানুহে বিচাৰিছে
এষাৰি মাত আৰু এমুঠি ভাত

এতিয়া সময়ে খেলে খেল
দুঃসময়ৰ ছাঁত___

Post a Comment

Previous Post Next Post