আঘোণ এটি মাহ মাথোঁ,
কৃষকৰ আশাৰ প্ৰাপ্তি আৰু
সপোনবোৰে ঠন ধৰি উঠা
পূৰ্ণতাৰ অইন এটি নাম।।
প্ৰাপ্তি আৰু প্ৰাচুৰ্য ৰহনে
কঢ়িয়াই আনে আঘোণৰ অন্য ৰূপ
আহিনৰ ৰূপ ৰস লাৱণ্যতাই আনে,
কৃষকলৈ হাঁহিৰ এমুঠি মেঁটমৰা সম্ভাৰ।।
পথাৰৰ ৰ'দ চেৰেঙাৰ আমেজত ,
ৰবাব টেঙাৰ সোৱাদত দাৱনীয়ে
হাঁহে খিলখিলাই মনতে
জাগি উঠে এক অবুজ শিহৰণ।।
✍️নৱজিৎ নাথ
ছিপাঝাৰ মহাবিদ্যালয়
ছিপাঝাৰ,দৰং (অসম)