আজি কেঁকুৰা গাতৰ পানী খাম আইমনী।নালাগে অ' মা।বেমাৰ হ'ব।আমাৰ ছাৰে কৈছে, লেতেৰা পানীৰ পৰা বহু ধৰণৰ বেমাৰ হয় ।
থ, থ, তহঁতৰ সেই মাষ্টৰৰ কথা।পথাৰত ৰুৱা ৰুই থাকোঁতে মই সদায় সদায় কেঁকুৰা গাতৰ পানী খাওঁ।
সেই বাবে তোৰ বেমাৰ হয়।ৰ' আজি দেউতাক লগাই দিম।
তোৰ আৰু কাম কি বাপেৰক কথা লগোৱাহে।মূৰৰ পৰা বৈ অহা ঘাম খিনি মোহাৰি খালৈটো জোকাৰি আইমনী মাকে কঁকালটো পোনাই লৈ আকৌ মাছ ধৰাত লাগিল।
আৰু ধৰিব নালাগে, ঘৰলৈ যাওঁ গৈ ব'ল। এতিয়াই ধৰি নিনিলে, এই মাছবোৰ বগলী, কনামুছৰিয়ে খাই শেষ কৰি পেলাব।তোৰ আমনি লাগিছে নেকি আইমনী।
মাকৰ কথা তাইৰ কানত নুশুমাল।অলপ দূৰত টকালি পাৰি মাছ ধৰি থকা ল'ৰা দুটালৈ একান্ত মনে নিৰীক্ষণ কৰি থাকিল তাই।কি বীভৎস্য সিহঁত।নাঙঠ দেহাকেইটা কিচকিচকৈ ক'লা।চকু কেইটা টেলেকা-টেলেক, খৰা নাকৰ ল'ৰা দুটাই পিৰিক পাৰাককৈ আইমনীলৈ চাই লুকা-ভাকু খেলিছে।ব'ল ঘৰলৈ।এই ৰ'দত আৰু অলপ সময় থাকিলে, ধকে ধৰি মৰিব লাগিব।মাকৰ পাছে পাছে যোৱা আইমনীয়ে ঘূৰি ঘূৰি ল'ৰা দুটালৈ চায় ৰ'ল।
চাপৰ টিনৰ ঘৰটোত কাৰেন্টৰ কোনো সুবিধা নাই।দিনৰ ৰ'দৰ তাপখিনি যেন ঘৰটোৱে গিলিহে থৈছিল।ইমান গৰম।ইচাত -বিচাতকৈ মাকে বিচনীখনেৰে তাইক কেইবিচ মান মাৰি দি শুই থাকিলগৈ।
আইমনী টোপনি নাহিল।কি বীভৎস্য সেই ল'ৰা দুটা।ক'ৰ ল'ৰা বাৰু।তাই চকুত সিহঁতৰ চেহেৰা দুটা ভাঁহি আহিল।ইমান গৰম শুব নোৱাৰি ।তাই বাহিৰলৈ উলাই আহিল।বাহিৰত ইমানেই ঠাণ্ডা বতাহ বলিছে।তাই দেহাটো শাঁত পৰি গ'ল।
এইয়া কি? বহুদিনৰ এৰেহা উৱলি যোৱা তাইৰ পেহীয়েকহঁতৰ ঘৰটোৰ চোতালত এগাল নাঙঠ দেখিবলৈ বৰ বীভৎস্য মানুহৰ মাজত পথাৰত দেখা ল'ৰা দুটাইও নাচি আছে।বিকট এটা সুহুৰি সিহঁতৰ ওঁঠৰ ফাঁকত।ফৰিং ফুটা জোনাকত সিহঁতৰ কিচকিচকৈ ক'লা দেহাবোৰ জিলিকি উঠিল।এয়া কি এজনীৰ চকুটো ওলমি পেটত লাগি আছে।অকনমানি আইমনী বুকুখন ঢপং কৰি উঠিল।তাই চকু দুটা মুদি হুকহুকাই কান্দি দিলে।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ