পাৰি জানো লুকুৱাব
হৃদয়ৰ অনুভূতিবোৰ, এখিলা নিভাঁজ পাতৰ আঁৰত
পাৰি জানো লিখিব
শব্দৰ ছাঁয়াত, মোহত পৰি প্ৰেমৰ এটি সুৰৰ কবিতা
পাৰি জানো আঁকিব
জীৱনৰ পাতনি, ৰং বোলোৱা এটি হাঁহিৰ জিক্ মিকনি
পাৰি জানো মোহাৰিব
উষ্ম বুকুৰ উন্মাদনা, দি যোৱা জীৱনত এটিৰ হাঁহিৰ ঠিকনা,
নিঠৰ বুকুৰ উন্মাদনা
কোনে বুজে ৰাতিৰ বেদনা,
প্ৰেমৰে বেহেলা নিৰিবিলি সন্ধিয়া
এটি ৰাগিনীয়ে কৰি যায় মতলীয়া।