কবিতাৰো ভাষা আছো বিছাৰি,
উজাগৰি ৰাতিৰ তুমি লগৰী
আঁউসীএন্ধাৰৰ তুমি জোনাকী।
নিশাৰ এন্ধাৰো দূৰ কৰে
দূৰণিৰ জোনাকীয়ে,
মনৰ এন্ধাৰ তুমি নাশিলা
মুখৰ মিচিকি হাঁহিৰে।
কাহিনী নহয় মোৰ জীৱনী
উকা কাগজতে মোৰ দিন ডায়েৰী,
তমসাই ভৰা মোৰ উকা ৰাতি
স্বপ্ন ভাঙা কিয় হঠাতে আহি?
মৰমে বেৰিব - গোলাপ ফুলিব
বিষাদ-বিষন্নই হাঁহি উঠিব,
কলিজাতে মৰমৰ কলি মেলিব
হিয়াতে প্ৰেমৰে বাঁহী বাজিব।
হৃদয়ত প্ৰেমচাকি ধিমিকি জ্বলিব
মোৰ প্ৰেম পথাৰতো বাৰিষা নামিব ।।