তই নাৰাখিবি বিষাদ বুকুত,
মানৱতাই তোৰ মাতৃ ।
পৃথিৱীয়েই তোৰ ঘৰ ।
নিৰন্তৰে যা আগবাঢ়ি, তই নকৰিবি ভয়, তোৰ হ'ব জয়
কাম কৰা বাসনা জগাই তোল পৃথিৱীৰ সকলো সুযোগ ৰৈ আছে তোৰ বাবে, তাৰ বাবে অলপ সময়ৰ প্ৰয়োজন ।
হৃদয়বানজন তোৰ প্ৰেৰণাৰ উৎস হ'ব, হাঁহি বিৰিঙাব তোৰ মুখত, মানৱতাই তোৰ মাতৃ ।
তই অনাথ নহয় ।
ডাষ্টবিন বোৰ চাফা কৰাৰ দৰে মানুহৰ মলিয়ন ভেশবোৰ নিকা কৰিবি ।
মানুহবোৰে বুজি পাব, চাফা হ'ব তোৰ থকা সকলো স্থান।
সকলোবোৰতেই সৃষ্টি অংকুৰিত হ'ব মাতৃত্বৰ সুবাসৰে ।
নাথাকিব বিভেদ তোৰ আৰু সিহঁতৰ মাজত ।
মানৱতই তোৰ মাতৃ ।
তই অনাথ নহয় ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ