আবেলিৰ অনুভৱ- কল্পনা বৰা

©Admin
0
আবেলিৰ হিয়া শাঁত পৰা
       এজাকি কোমল সমীৰণ,
সমীৰণে আহি চুমি গৈছে
        গালে-মুখে সানি গৈছে
        আলফুলীয়া মৰমৰ বোলন।
হেঙুলীয়া ৰবি ডুবিবৰ সময়ত
        পশ্চিমাকাশত দেৱগণে পাতিছে ৰঙৰে মেলা,
লাজুকভাৱে বেলিটি তললৈ নামিছে 
  ‌‌ উজ্জ্বলাই তুলিছে এই মধুৰময় সন্ধ্যা।
ৰিণি-ৰিণি ভাঁহি কাণত পৰিছে
‌ নামঘৰত দবাৰ শব্দ,
আকৌ এজাকি সমীৰে চুই গৈছে
      হৈছে দেহা-মন প্ৰতি পলে স্তব্ধ।
উৰণীয়া পক্ষীজাকো উৰি উৰি গৈছে
      নিজ বাসৰ অভিমুখে,
কাণে-কাণে ফুচফুচাই পক্ষীজাকে পাতিছে
      বʼলা, যাওঁ একেলগে।
ব্যস্ত মহানগৰত ব্যস্ত মানুহৰ সমদল
       কোনোবা গৈছে, কোনোবা আহিছে,
আবেলিৰ পৰশে হয়তো
     চুই যোৱা নাই তেওঁলোকক
  ‌ ব্যস্ততাতেই যেন তেওঁলোকে আনন্দ লভিছে।
এনে এটা ভাল লগা আবেলিতেই
        চিনাকি হৈছিলোঁ তোমাৰ সʼতে ,
 মোৰ উন্মুক্ত হিয়াৰ লগৰী তুমি
       যʼত আগবাঢ়ো দুয়ো একেলগে।
হয়তো,সেয়ে চাগে জানা!
      আবেলিৰ সময়খিনি
      মোৰ বৰ প্ৰিয়,
এই অবুজ মনটোক বাৰু
        তুমি হৰি নিলা কিয়?
         ◼️ কল্পনা বৰা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)