কালোচিত পৰিৱৰ্তন-সুশান্ত দাস

0
অনন্তাৰ পুত্ৰ আমি
মুক্তি পথযাত্ৰী ;
অসীম বাহুবলাধিকাৰী
অদ্বৈত শক্তি।।

যুগবোৰ পৰিৱৰ্তন হয় 
কালাতীত হৈ ৰয় স্মৃতিৰ ক্ষণবোৰ,
মাথোঁ কাম্যবোৰ গৈ থাকে 
জীৱন আৰু যুগৰ সতে
যেন অবিচ্ছেদ্য অংগ স্বৰূপ !..

কালৰ লগত সঙ্গ দি
আগবাঢ়ি গৈছে সময়ৰ সুঁতি,
কালান্তক ক্ষণবোৰ অতীত হৈছে
বৈ গৈছে জীৱন সৰিৎ।।

যুগবোৰৰ পৰিৱৰ্তনে 
আনিছে পৰিৱৰ্তন জন-জীৱনত,
মাথোঁ এই পৰিৱৰ্তনৰ প্ৰভাৱত
পৰিৱৰ্তন হোৱা নাই মানৱী জীৱন।।

মহৎ আশয়ৰ লোকেৰে ভৰা
আমাৰ মানৱী অৰণ্য,
মাথোঁ কালৰ বিৱৰ্তন হোৱাৰ লগে লগে
আমাক লাগে কালোচিত পৰিৱৰ্তন !..

কালৰ লগত আমি বৈ গৈছোঁ
জীৱন নদীৰ সোঁতত,
কিন্তু বৈ যোৱাৰ স্বাচ্ছন্দ্যতাত
নৈৰ চাকনৈয়াত আৱদ্ধ 
হোৱাৰ পৰা বাচিবলৈ
    যাব লাগিব,
          কালোচিত পৰিৱৰ্তনৰ পথত।।

অভাৱৰ ফলত আৱিস্কাৰ হ'ল
    বিভাৱন হ'ল
         উন্নতিৰ জখলা !..
মাথোঁ কালৰ জৰিয়তে
   পৰিৱৰ্তন হ'ল
        আৱিষ্কাৰৰ তত্ত্ব 
                 হ'ল উদ্ভাৱন।
উদ্রেক হ'ল আশাৰ সূৰুয 
সঞ্চাৰ কৰিলে আশাবোৰ মনত,
আৱৰ্তৰ বলক
চেৰ পেলাবলৈ,
মানৱ সভ্যতা আজি
উন্নতিৰ শিখৰত।।

যুগ বুলিলেই পৰিৱৰ্তন হোৱাৰ
এটা মাথোঁ বৰ্তুল বিৱৰ্তন,
এতিয়াৰ যুগত মানৱ জাতিয়ে 
পথ লোৱাই ভাল,
এটি কালোচিত পৰিৱৰ্তন।।।
◼️সুশান্ত দাস, শিৱসাগৰ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)