সোণবৰণীয়া মুকুতা হৈ জিলিকে
জোনাকৰ লগতে যদি
এজাক অভিমানী বৰষুণ থাকে
তাই বাউলী হৈ পৰে।
জোনাকত বহি তাই
কিমান যে মধুৰ সপোন দেখিছিল
কিন্তু এতিয়া সকলো
সপোন সপোন লগা হ'ল
সপোনবোৰ দিঠক হোৱাৰ আগতেই
সকলো ক'লা ধোঁৱা হৈ
অন্য দিশে ধাৱমান হৈ গ'ল।
সপোনৰ সাঁকোডাল
অভিমানীজনীয়ে ধৰি ৰাখিব নোৱাৰিলে
তাই অন্ধকাৰৰ মায়াত
অভিমানতে নিজকে বন্দী কৰিলে
জোনাকী বাটেৰে তাই
অভিমান সামৰি গুছি গ'ল
তাইৰ হৃদয়ৰ বিষাদভৰা
উচুপনি শুনি......
জোনাকবোৰো মৌন হৈ পৰিছিল।।
◼️দিপশিখা ৰাজকোঁৱৰ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ