সৰা ফুলৰ পাপৰি | অষ্টম খণ্ড- মামণি বৰঠাকুৰ

©Admin
0
বিহুৰ দিনা দুয়ো মাকে যতনাই দিয়া বিহুৰ জলপান খাই, বিহু মাৰিবলৈ ওলাই গল। যাবৰ সময়ত মাকে দুয়োটাকে একোখন কৈ বিহুৱান শিৰত পিন্ধাই দিলে। মাক, দেউতাকক সেৱা কৰি দুয়ো বিহুলৈ গ'ল। 
দিনটো বৰ আনন্দৰ মাজত পাৰ হল। নিশাও হুঁচৰি গাবলৈ বুলি ওলাই গ'ল। 

পাছদিনা পুৱা....... 
ব্ৰজেনে কলে " ব'ল ওলা মনিহঁতৰ ঘৰলৈ যাওঁ।"
"ব'ল, ব'ল, গৈ আহো। আকৌ বা কেতিয়া আহিব পাৰো!"
"তোৰ কিন্তু মনটো বেলেগ ক'ৰবাত যেন পাইছো। "
"কিযে কৱ তই! "
"কচোন সিদ্ধান্তটো কি ল'লি  ? "
"হব কম নহয়, বল এতিয়া! "
ব্ৰজেনে হাঁহি দিলে। 

        নদীখনৰ পৰা দহ কিলোমিটাৰ মান দুৰত্বত  মনিহঁতৰ ঘৰ । সিহঁতৰ  ঘৰৰ পৰা পাঁচটামান ঘৰ পাৰ হৈ নিৰ্মালীহঁতৰ ঘৰ। চাইকেলৰ পেদেল মাৰি মাৰি অৱশেষত মনিৰ  ঘৰ পালেহি। 
দুয়োকাষৰ ফুলনীৰ সৌন্দর্যই মন আকৰ্ষণ কৰিলে। 
গছত কপৌ ফুলে শাৰী শাৰী কৈ ওলমি আছে। তাৰ কাষতে তগৰ, খৰিকাজাই, গুটিমালি, গোলাপ, কিমান যে ফুল। ৰঙা মাটিৰে মুচি  থোৱা পিৰালী কেইটাৰ কাষতো ফুল। নন্দন কাননতহে যেন প্রবেশ কৰিছে সিহঁতে। 

"মনি, অ মনি আই অ, আলহী আহিছে। ওলাই আহচোন।"

      দেউতাকৰ মাতত মনি ওলাই  আহি সিহঁতক ভিতৰলৈ মাতি নিলে। মাকো ওলাই আহিল।
বহু সময় কথা বতৰা পাতি চাহ, জলপান খাই যাবলৈ ওলাল। 
মাকে কলে "ব্ৰজেন ইমান দিনৰ মুৰত আহিছা ভাত কেইটা খাই যোৱা, আকৌ বা কেতিয়া আহিব পাৰা"

"হয় বোপাই, খুড়ীয়েৰে ঠিকেই কৈছে। "

      অৱশেষত তেওঁলোকৰ অনুৰোধ ৰক্ষা কৰি ভাত খাই আহিবলৈ মান্তি হ'ল। এইখিনি সময়তে নিৰ্মালীৰ ঘৰৰ পৰা এপাক আহোগৈ  বুলি ওলাই গল। লগত মনি। 

      নিৰ্মালী হঁতৰ ঘৰটো একেবাৰেই সাধাৰণ। দেউতাকৰ মৃত্যুৰ পিছত মাকে তাত বৈ, কাপোৰ বেছি কোনোমতে ঘৰখন চলাই আছে। তাই এইবছৰ বি, এ, ছেকেণ্ড ইয়েৰ। দিবাকৰৰ ভাল লাগিল। একেবাৰে সহজ, সৰল লোক। 

"দিবাকৰ তই কথাটো কি ভাবিছ, কৈ দিবি । "
"সুবিধা পাব লাগিব নহয়। "

তেনেতে মনি ওলাই আহিল, 

"যাওঁ বলা, মাৰ ভাত হলেই চাগে। "
"অ, ব'লা খুড়ী আহিছো আমি!"
" অ, যোৱা দেই, আহিবা আকৌ।"
"নিশ্চয়, আহিম "
"নিৰ্মালী, তয়ো বল, মোৰ লগত "
মনিৰ কথা শুনি মাকে কলে 
"যা, যা বৰমাৰক অকণমান সহায় কৰি দিব পাৰিবি।"

    মাকৰ কথাত নিৰ্মালী ওলাই আহিল সিহঁতৰ লগতে। মনিহতৰ ঘৰত খাই বৈ আবেলি বেলিকা সিহঁতে বিদায় ললে। নদীৰ পাৰলৈ মনি, নিৰ্মালীও  আগবঢ়াই থ'বলৈ আহিল। 
বহু পৰ কাৰো মুখত কথা নাই  । 

ব্ৰজেন আৰু মনি কিছু দুৰ আগুৱাই গল  দিবাকৰে নিৰ্মালীক কলে। 
"নিৰ্মালী......! "
"ও"..... 
" তোমাক কথা এটা কওঁ বুলি ভাবিছো। "
"কওঁকচোন "
"তুমি যদি বেয়া  পোৱা....? "
"নাপাওঁ, কওক  "! 
" মই তোমাক ভাল পাই পেলাইছো।"
" ধেৎ কি যে কয়! "
তাই খিলখিলাই হাঁহি দিলে। 
"সচাঁ কৈ, মই ধেমালি নাই কৰা "! 
" মোৰ প্ৰতি তোমাৰ অনুভৱ জনাবা, তুমি কি ভাবা, উত্তৰটো দিবা "! 
"... ....................... "
"কি হল একো নোকোৱা "? 
" কি নো কম..........! "
"কিয়....? "
"মই এইধৰনৰ চিন্তা পৰাপক্ষত মনলৈ নানো।"
"কিয়..... ? "
"ঘৰৰ দ্বায়িত্ববোৰে বাধা দিয়ে। বহু কাম আছে। নিজৰ বিষয়ে চিন্তা কৰিব নোৱাৰি দেখোন। "
"কাৰোবাক ভাল পালে  দ্বায়িত্ব পালন কৰিব নোৱাৰি বুলি কিয় ভাবিছা, দুজনৰ লগ। হৈ সাহসহে হ'ব। মই সিদিনা তোমাক দেখাৰে পৰা বৰ ব্যাকুল হৈ পৰিছো। তোমাক এৰি একো দেখোন ভাবিবই নোৱাৰা হৈছো।"

"মোৰো তেনে নোহোৱা নহয়, কিন্তু.... "? 
" মনত কি আছে কৈ দিয়া, কোনো চিন্তা নকৰিবা তোমাৰ মন পালে মই, নিশ্চিন্ত হৈ যাব পাৰিম। "

সিঁহত আহি ব্ৰজেন হতৰ ওচৰ পালেহি। 
ব্ৰজেনে কলে 
"ইয়াৰপৰা তোমালোক ঘুৰি যোৱা, বিহুৰ বতৰৰ কথা। "
"ঠিক আছে ব্ৰজেনদা "! 

চাইকেল খনৰ ওচৰলৈ গৈ ব্ৰজেনে মোনা এটাৰ পৰা কপৌফুল দুপাহ উলিয়াই আনিলে। মনিয়ে একো ক'বলৈ নাপাওঁতেই তাইৰ খোপাত গুজি দিলে। তাইও টিপতে অনা ভমকাফুলৰ বিহুৱানৰে
চেনাইক মৰম যাচিলে। নিৰ্মালীয়ে দিবাকৰক লাজ লাজকৈ বিহুৱান যাচিলে। তাৰ বৰ আনন্দ লাগিল। 

"তেতিয়াহলে মোৰ উত্তৰ পালো।" বুলি তাইৰ হাতত কপৌ ফুল এপাহ দি প্রথম প্রেমৰ উপহাৰটি যাচিলে। 
সিহঁতৰ  ফালে চাই ব্ৰজেনে মনিক কলে, 
"গন্ধৰ্ব বিবাহ পাতি দিওঁ নেকি বাৰু।"
মনিয়ে  হাঁহি দিলে। দুয়োটা লাজতে তলমুৰ কৰিলে। 

অৱশেষত  যোৱাৰ  সময় হল। অনিচ্ছা সত্বেও চেনাইক বিদায় দিব লগা হোৱাত দুচকু সেমেকি উঠিল, দুয়োৰে। 

সন্ধ্যাৰ আগে আগেই সিহঁতে ঘৰ পালেহি। 
দিবাকৰৰ মন আজি থৌকি, বাথৌ। কিবা এটা পোৱাৰ আনন্দত তাৰ মনে যেন ৰামধেনুৰ সাতোৰঙেৰে ফাকুহে খেলিছে। চৌদিশে সি কেৱল নিৰ্মালীকে দেখিছে।  সঁচাকৈ পৃথিবীখন বৰ সুন্দৰ। আজি যেন সি পৃথিৱীখন নতুন ৰূপে দেখিছে  ।চিন্তাৰ মায়াজালত  সপোন দেখি সি টোপনি গল। 

"ঐ, কুম্ভকর্ণ, কিমান শুৱ উঠ, যাবলৈ মন নাইনি।? 
নে থাকি যাৱ ইয়াতে? "

       ব্ৰজেনৰ চিঞৰত তাৰ টোপনি ভাগিল। ঠিকেটো আজি সিহঁতে যাব নহয়। ঘড়ি লৈ চালে আঠটা বাজিল। লৰালৰিকৈ উঠি গাটো ধুই আহিলে। 
মাকে ঢেকীয়াশাকৰ টেঙা আঞ্জা, কঠালৰ মুচিৰে ৰান্ধি দিয়া ভাত কেইটা খাই দুয়ো যাবলৈ ওলাল। 

    মটৰ বাইকখনত উঠি সেউজীয়াৰ মাজে মাজে  কুলি, কেতেকীৰ মাতত সপোনৰ ৰঙেৰে ৰাঙলী হৈ 
সিহঁতে যেন নতুন এক উদ্যমেৰে যাত্রা কৰিছে। 
বহু দুৰ যাত্রা পথ, হ'ব লাগিব অগ্রসৰ! নতুন যুগৰ নৱযৌৱন, উদিত সূর্য্য অসমৰ। 

    দুটামান দিন সকলো চিন্তাৰ পৰা আতৰি আছিল। পুনৰ আহি পৰিল জীৱন  সংগ্রাম  । 

    লুঙলুঙীয়া  গাওঁৰ ৰাষ্টাটোৰে বিহুগীত গাই গাই দুয়ো আপোন পাহৰা হল, মাজে মাজে বিহু মাৰি থকা গাভৰু কেইজনীক জোকাবলৈও পাহৰি নগʼল। 



Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)