আইমণি খণ্ড ০৩ - বিটুমনি কোঁচ

©Admin
0
আইমণিৰ  মাকে লফা শাক, ঔ টেঙা আৰু মাগুৰ মাছৰ আঞ্জা ৰান্ধিলে।বঢ়োৱা চাউলৰ ভাত কেইটাৰ লগত দেউতাকে এগৰাহ বেছিকৈ খাই কৈ উঠিল, "মই লফা শাকৰ লগত বগৰী টেঙা দি ৰান্ধিলে বেছি ভাল পাওঁ ঐ।" মাকে ঢেকঢেকাই হাঁহি হাঁহি ক'লে,"আজি আপুনি এগৰাহ কমকৈ খালে।" নহয় অ' বুলি মানুহজনে তামোলৰ বটাটো লৈ বাৰাণ্ডালৈ ওলাই গ'ল।

       মনে মনে ঘৰৰ পৰা লুকুৱাই অনা পলিথিনটো হাতত লৈ ডাঙৰ ল'ৰা-ছোৱালীৰ লগত বগৰী পাৰিবলৈ গ'ল আইমণি। বগৰীৰ আঞ্জা তাইও ভাল পায়।ডাঙৰ ল'ৰা-ছোৱালীয়ে পাৰি যোৱা বগৰী এটা দুটা তাই বুটলি পলিথিনটোত ভৰাই থয়।পকা পকা বগৰী এটা দুটা মুখত ভৰাই চোবাই চোবাই ল'ৰা ছোৱালীবোৰৰ পাছে পাছে তাই দৌৰি দৌৰি ইজোপা বগৰীৰ পৰা সিজোপা বগৰী গছ পাইছেগৈ।
বগৰী গছ থকা মথাউৰিটো কাষেৰে বৈ যোৱা নৈখনলৈ ল'ৰা-ছোৱালীবোৰ নামি গ'ল।শুকান নৈ খনৰ বুকুত পৰি থকা ধকধককৈ বগা কোমল বালিত সিহঁতৰ সৰু সৰু খোজবোৰৰ চিহ্ন বোৰ বহুৱাই বৰ আমোদ পায়।

      আইমণিয়ে ভাগৰুৱা দেহাটো অলপ সময়ৰ বাবে মথাউৰিটোত বহি লৈ ল'ৰা-ছোৱালীবোৰৰ দৃশ্যটো উপভোগ কৰি আছিল।এটাই চিঞঁৰি চিঞঁৰি ক'লে, "ঐ দলঙত বগাই চাওঁগৈ ব'ল।" আইমণিয়ে দলঙৰ নাম শুনি অকনমান আঁতৰত থকা ৰেল যোৱা দলংখনলৈ চালে।ওখ দলংখনত ৰান্ধনী বেলিৰ পোহৰ পৰি জিকমিকাই আছে।দৃশ্যটোৱে আইমণিক আকৰ্ষণ কৰিলে।তাই একান্তমনে চাই থাকিল দলংখনলৈ। "ঐ আইমণি তই তাতেই থাক।আমি এতিয়া দলং বগাবলৈ যাম।"

       এয়া কি দলংখনৰ ওপৰত মানুহৰ কটা মূৰ এটা উলমি আছে।চকু দুটাই টেলেকা -টেলেককৈ আইমণিলৈ চাই আছে।আইমণিৰ সৰু বুকুখন ঢপংকৈ উঠিল।তাই চকু দুটা মুদি দৌৰিবলৈ ধৰিলে।ল'ৰা-ছোৱালীবোৰে কি হ'ল বুলি তাইৰ কাষলৈ  দৌৰি আহিল । চকুমুদি দৌৰি অহা আইমণি বগৰী জেংৰ ওপৰত হামখুৰি খাই পৰিল।তাই কোমল দেহাটোত বগৰী কাঁইটবোৰ সোমাই পৰিল।এক ভয়ংকৰ দৃশ্য তাই চকুত ভাঁহি আহিল।দেহত বগৰী কাঁইটবোৰ লৈ তাই মাকৰ কোলাত ঢলি পৰিল।

       জীয়েকৰ কেঁচা তেজ নিগৰি অহা দেহাটোলৈ চাই চাই মাকে দেউতাকক গালি পাৰিব ধৰিলে। "বগৰীৰ টেঙা আঞ্জা খাবলৈ ভাল পায় ।মোৰ ছোৱালী জীৱনটো খালে ঐ আপুনি। বাপেৰক বগৰী আঞ্জা খুৱাবলৈ বগৰী বুটলিবলৈ গৈছিলি আই"। জীয়েকৰ গাৰ পৰা বগৰী কাঁইটবোৰ উলিয়াবলৈ চেষ্টা কৰি মানুহজনী চটফটাবলৈ ধৰিলে।জীয়েকৰ দুখ দেখি দেউতাকৰ চকুলোঁ বৈ আহিল।
       



Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)