তপ্ত মৰুৰ বালিচন্দা লিৰিকি বিদাৰি
মৰিচিকা খেদি খেদি,
ভাগৰুৱা অতৃপ্ত পথিকৰ প্ৰাৰ্থনা
বিচাৰি এজাক বৰষুণ,
মূষলধাৰ বৰষুণ!
জীৱনৰ বৰষুণ!
বৈ অহা এজাক বতাহ
তেজাল দেহ শুকুৱাই নিয়া,
তৃষ্ণাতুৰ ওঁঠৰ ফাঁকেৰে
অমৃত নিগৰি সৰা
এজাক বৰষুণ!
শুই পৰা দেহত মোৰ
সুৰুযৰ লেলিহান শিখাৰ হাতোঁৰা!
মৃতকৰ দেহত মৰুভূৰ অংগসজ্জা!
চকুৰ পতাত চকামকা
মুকলি আজি গাঁঠি থোৱা জীৱনৰ বৰপেৰা,
খুলি থোৱা হৃদয়ৰ সেউজী চোতালত
নৃত্যৰত প্ৰেয়সীৰ মোহিনী মায়া,
মৃত্যুৰ কিৰিলিও আজি মোৰ বাবে
কুলু-কুলু সুৰেৰে বোৱা শান্তিৰ নিজৰা!
✍️ নীল প্ৰজাপতি