ব্যৱহাৰে আপোনাৰ পৰিচয়- কণমনি নাথ

©Admin
0
ভাল কাম কৰিলে ভাল ফল পাব আৰু বেয়া কাম কৰিলে নিশ্চয় সুফল পোৱাৰ আশা কৰিব নোৱাৰি যদিও কিছু সময় ভাল ফল পালেও কিন্তু শেষত প্ৰকৃত ফল ওলাবই।
আমি জানো যে, সঁচা কেতিয়াও মিছা হ'ব নোৱাৰে আৰু মিছা কেতিয়াও সঁচা হ'ব নোৱাৰে!
গতিকে আমি সকলোৱে বিশ্বাসৰ দ্বাৰা পৰিচালিত একো একোজন মানৱ।
প্ৰকৃত গুণ:
আপুনি মানুহক ভাল পোৱা বা ভাল পাবলৈ চেষ্টা কৰা দিশত অধিক মনোযোগ প্ৰদান কৰা হয় তেতিয়া আপোনাক সকলোৱে ভাল পাব, মৰম কৰিব, সন্মান জনাব।
ধন, সা-সম্পতি আপোনাৰ যিমানেই নাথাকক কিয়! সেয়া মানৱ জীৱনৰ খন্তেকীয় সম্পদ। আপোনাক সেই দিশৰ পৰা সন্মান কৰে, যদিও সেয়া খন্তেকীয়! আপোনাৰ টকা আছে সন্মান কৰিছে। টকা, সা-সম্পত্তি নাথাকিলে তেনেকুৱা আচৰণ কৰিব নে? সেয়া নিৰ্ভৰ কৰিব নিজৰ ব্যক্তিত্বৰ ওপৰত ভিত্তি কৰি। যদি আপোনাৰ ভাল চিন্তা, মানুহৰ প্ৰতি থকা মানৱীয় তাৎপৰ্যপূৰ্ণ গুণ সমূহ আছে তেতিয়া নিশ্চয় সকলোৱে আঁকোৱালি ল'ব। প্ৰকৃত ভালপোৱা, মৰম-স্নেহ হৈছে মানৱ জীৱনৰ আপুৰুগীয়া সম্পদ। ইয়াক বিচাৰিলে পোৱা বস্তু নহয় বা জোৰকৈ আদায় কৰিব নোৱাৰি ইয়াক পাবলৈ হ'লে হৃদয়ৰ পৰা বৰ্হি:প্ৰকাশ হ'ব লাগিব । তেতিয়া সেই মৰম-স্নেহ, সন্মান মৰাৰ পিছতো স্মৃতি হিচাপে অমৰ হৈ থাকে যুগ যুগ। গতিকে সমাজ ব্যৱস্থাত নিজকে কেনেকৈ পৰিচালিত কৰিব সেয়া নিজৰ ওপৰত নিৰ্ভৰ কৰি আগবাঢ়ি যাব লাগে।

✍️ কণমণি নাথ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)