কি ধাতুৰে গঢ়া এই মুদ্ৰা ?
যাৰ নাই কোনো আকাৰ-আকৃতি।
যুগ যুগ ধৰি বৈ যায় নিৰৱধি
ব'হাগৰ প্ৰথমজাক বৰষুণত
গৰ্ভৱতী হয় নদী ।
অন্ত:সত্ত্বা নদীখনে কেতিয়াবা
উচুপি উঠে মাজৰাতি ।
কেতিয়াবা আকৌ প্ৰসৱ বেদনাৰ
যন্ত্ৰণাত বৈ যায় পাৰভাঙি !
ওখ-চাপৰ , ভাল-বেয়া একোকে নেমানি
ক'ত শিল ঠেলি মেলে ঢাপলি ।
ক্ষত-বিক্ষত হয় দেহা
কতজনৰ বুকু কৰে উকা ।
কিয় জানো ?
সামৰি লয় অযুত যাতনা ।
পলে-অনুপলে কতযে ব্যথা
তথাপিও নিজ গুণে নিজে তুষ্ট হোৱা ।
তুমি নদী , তুমি নাৰী ।।
✍️ মিনাক্ষী দত্ত
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ