আশাবোৰো হৃদয়ত ঠন ধৰি উঠিছিলহে,
কিন্তু,
সময় যে নিষ্ঠুৰ অ'....
আবেলিৰ সেই ফিৰফিৰিয়া বতাহজাক
বলিয়েই আছিল ফিৰফিৰকৈ
লাহে লাহে আন্ধাৰ নামিছিল ধৰালৈ...
কিন্তু,
তাইৰ হৃদয়ত সেয়া যেন নহয় নিশা!
সূৰ্যোদয়ৰ ক্ষণত ৰাঙলী বেলিটিৰ
সেয়া যেন ৰূপালী আভা...
ঘৰমুৱা পক্ষীজাকলৈ চাই ৰৈছিল তাই অবিৰতভাৱে একেথিৰে...
ক্লান্ত নিশ্বাসবোৰ নাছিল তেতিয়ালৈ,
বৈছিল দুটি ওঁঠৰ কোণেৰে এটি মিচিকনি
কলমটো তুলিছিল ডায়েৰীৰ পৃষ্ঠাত
অব্যক্ত কাহিনীৰ অকথিত কথাবোৰ বোৱাবলৈ,
কিন্তু, সেয়া যেন তাতেই ৰৈ গৈছিল
আখৰৰ ৰূপত...
ৰৈ গৈছিল স্তদ্ধ হৈ,
এটি আধা লিখা কবিতা হৈ.....
◼️ভাগ্যশ্রী বৰা,মৰিগাঁও
সুন্দৰ।
ReplyDeleteবৰ ভাল লাগিল পঢ়ি
ReplyDelete