জোনাক নামিছিল-নীল প্ৰজাপতি

জোনাক নামিছিল মোৰ হৃদয় চোতালত
বৰ্ষামুখৰ এটি সন্ধিয়া, 
জোনাকী পৰুৱা হৈ
তিৰবিৰাই নাভাগৰা
প্ৰাণৰ দেৱতা ! 


হাইতাল বুলীয়া আবেলি 
ৰান্ধনী বেলি হৈ, 
বুকু জুৰ পেলাই 
মৰম সানিছিল 
নীলাভ নৈৰ নিজান ঘাটত,
মোৰ প্ৰণয় দেৱতা ! 


◾নীল প্ৰজাপতি
জাগীৰোড

Post a Comment

Previous Post Next Post