বিজন পথটি-অমিত কুমাৰ বৰ্মণ

©Admin
0
এই পথেৰে অহা-যোৱা মানুহ মই।
এই পথটিৰে জীৱন সন্ধানত নামিছিলোঁ।
 হাজাৰ ব্যৰ্থতাক আকোঁৱালি আকৌ,
সেই একেটি পথেৰে উভতিছিলোঁ কেইবাবাৰো।
তথাপিও ভাগৰি পৰা শব্দটি যেন !
অচিনাকী হৈয়ে আছিল।
বাৰিষাৰ ক্ষন্তেকীয়া পৰশত,
ধূলিময় পদপথৰ সুগন্ধি বিয়পে।
ধূলিৰ কবলত !
দুয়োকাষৰ প্ৰায় প্ৰাণহীন বন-বিৰিখেও,
কোঙা হই পৰে।
সময়ৰ নৰখা সোঁতত আকৌ !
মই উভতিছো ঠিকেই সেই একেটি পথেৰে।
কিন্তু পথটি আগৰ পথ হৈ থকা নাই।
ই এতিয়া সম্পূৰ্ণ ধূলি অপ্ৰিয় হৈ পৰিছে।
ৰঙীনবোৰৰ এতিয়া প্ৰেয়সী।
পথটিৰ দুয়োকাষৰ অৰণ্যও  নাই।
অৰণ্যখনৰ পৰা বিয়পি পৰা,
বাঘ-সিংহৰ গৰ্জনিও এতিয়া অতীত।
চাগৈ আত্ম জীৱনৰ‌ মায়াত।
নিশা পথটিৰে পাৰ হ'ব নোৱাৰা ভিক্ষুকজনেও,
শূন্য ভিক্ষাৰ পাত্ৰ বুকুত লৈ পথৰ কাষতে শুই পৰে।
অথচ সেই ভয় কত গ'ল।
এসময়ৰ বিজন ঠাইখিনি যেন !
কেতিয়াবাই নিস্তব্ধতাৰ চিৰবৈৰী হৈ পৰিল।
এয়াই হয়তো আধুনিকতা, আধুনিকতাৰ প্ৰভাৱ।


◾অমিত কুমাৰ বৰ্মণ
ঠিকনা: গোৱালপাৰা(হাতোগাওঁ)

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)