অভিসন্ধি - হোমেন গগৈ

©Admin
0
মানুহবোৰে মানুহৰ কামিজটো পিন্ধিলে সততে এটি পৰিচয় বিয়পি পৰে
যেনেকৈ, ৰাতিটো নামি আহিলে আমি নিজক আৱিষ্কাৰ কৰাৰ সপোন খুচৰি ফুৰো;
পৰিচয়ৰ এক আজন্ম তৃষা। 


প্ৰেমৰ বাবে এটা লেফাফা থাকে
তাত লিখা হয়-"প্ৰেমেহে প্ৰেমক জানে; অন্যথা সন্ধি।।"

নিশান্তৰ হুমুনিয়াহবোৰৰ বাবেই ৰাতি আটাইতকৈ হিংস্র সংগ। 

মনলৈ আহিব ধৰে, 
ইউক্রেন নামৰ পাখা গুটিবোৰৰ বাবেই আমেৰিকা সবাতোকৈ পছন্দৰ বাজিখেল। 
আৰু, ইণ্ডিয়া ? বিনোদনৰ এডাল সৰ্পিল ভ্ৰম। 

আটাইতকৈ ভাল পোৱা কথাটো হ'ল আমি অন্যমনস্ক হ'ব জানো, 
সেয়ে সুখী। 

জীৱনবোৰত থকা পৰিঘটনাবোৰ আন একো নহয়, 
ঘৰ্ষণৰ আঁচোৰত জীয়াৰ চুক্তিত স্বাক্ষৰিত একো-একোটা অভিসন্ধি।। 

✍️হোমেন গগৈ
     ডিব্ৰুগড় বিশ্ববিদ্যালয়।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)