সেউজীয়া দিনৰ
মধুৰ স্মৃতি সুঁৱৰি
হালধীয়া সৰাপাতৰ মাজত
মোক বিচাৰি.......
কেতিয়াবা আহিবানে।
নিজান নিঃস্তব্ধ হৈ
বতাহত উৰি ফুৰা
সৰাপাতবোৰ স্পৰ্শ কৰি
অনুভৱ কৰিবানে মোৰ
সৰু সৰু অভিমানক।
শেতাঁপৰা ওঁঠত আকৌ জানো
হাঁহি বিৰিঙাবা......?
সপোনবোৰ এতিয়া
সৰাপাতৰ মায়াত
হেৰাই গ'ল
আহিবানে তুমি আকৌ
মুখৰ কৰি তুলিবলৈ
মোৰ উৰুখা হিয়াৰ পজাঁ।
কেতিয়াবা তোমাৰ বাবে
সৃষ্টি হোৱা মোৰ ডায়েৰিৰ
আধালিখা কবিতাবোৰ
পঢ়ি চাবানে....!