আইমণি | খণ্ড নং ০২- বিটুমনি কোঁচ

©Admin
0
পূজা আহিল।ভমকা ফুলীয়া দেউতাকে আনি দিয়া ফ্ৰকটো পিন্ধি আইমনীৰ বুকুখন আনন্দত ফুলি উঠিল।তাই দৌৰি দৌৰি ওচৰ -চুবুৰীয়া প্ৰতি ঘৰতেই ঘূৰি আহিল।লগৰ সকলোৱে নতুন নতুন চোলা পিন্ধিছে।যদিও তাইক দেউতাকে আনি দিয়া ফ্ৰকটো কাৰো লগত তুলনা কৰিব নিবিচাৰে তাই।ৰঙা ৰঙা ডাঙৰ ডাঙৰ ফুল থকা  ফ্ৰকটো এবাৰ নাঙঠ ল'ৰা দুটাক দেখাব পৰা হ'লে।সিহঁতৰ মাক দেউতাকে পূজাত সিহঁতক নতুন চোলা দিছে নাই বাৰু? তাই পথাৰ খনলৈ ভুমুকিয়াই-ভুমুকিয়াই চাবলৈ ধৰিলে।

কিনো চাইছ আইমনী।দেউতাকৰ মাতত তাই চকখাই উঠিল।দেউতাকে আকৌ সুধিলে, পথাৰ খনলৈ ভুমুকি মাৰি মাৰি কি চাইছ।
দেউতা পথাৰত দুটা নাঙঠ ল'ৰা থাকে।চকু দুটা টেলেকা টেলেক, নাকটো চেপেটা।দেখিবলৈ বেয়া।সিহঁতক বাৰু পূজা বুলি দেউতাকে নতুন চোলা দিছে নাই?কথা সুৰ বদলি কৰি দেউতাকে ক'লে, অʼ সেই কেইটা।মহা বদমাছ ।পঢ়া শুনা নাই।সেই বাবে সিহঁতক মাক দেউতাকে নতুন চোলা কাপোৰ একো নিদিয়ে।বেয়া ল'ৰাক মৰম কৰিব নালাগে।ঘৰলৈ ব'ল।জীয়েকৰ কথাই মানুহটোক ভবাই তুলিলে।এই সৰু ছোৱালী জনীয়ে কিবা ভূত প্ৰেত দেখা নাইটো।

পূজাত দেউতাকে কিনি দিয়া পূজাৰ বেলুন, পেঁপা দুটামান মাক-দেউতাকে নজনাকৈ  মনে মনে তাই পথাৰ খনত নাঙঠ ল'ৰা দুটালৈ থৈ আহিল।
মাকে লগৰ মহিলা সকলৰ লগত চিনেমা হলত চিনেমা চাবলৈ ওলাইছে।বৰ ভাল অসমীয়া চিনেমা এখন চলিছে বোলে।দেউতাকে আইমনীক মাকৰ লগত পঠিয়াব মন নকৰিলে, যদিও মাকে তাইক এৰি যাবলৈ নিবিচাৰিলে।ঘূৰি আহোঁতে ৰাতি হৈছিল।আইমনীক হাতত ধৰি মাকে লগৰীয়া সকলৰ লগত চিনেমাখনৰ কথাকেই আলোচনা কৰি আগবাঢ়িছে।আইমনীক অনুকৰণ কৰি কোনোবা এটা যেন তাইৰ আগে-পাছে আহিব লাগিছে।তাই মাকৰ হাতখন টানকৈ খামুচি ধৰিলে।

ঘৰ পাবলৈ বেছি দূৰ নাই।ভাগৰ লাগিছে নেকি?মাকৰ কথাত তাই গুৰুত্ব নাই।ৰাস্তাটোৰ কাষতে এজোপা ডাঙৰ গছৰ হাউলি থকা ডালটোত মানুহ এটা ওলমি আছে।হালি-জালি ওলমি থকা মানুহটোলৈ  তাই ঘূৰি ঘূৰি চাই আহিল।মানুহটোৱে কেনেকৈ গছৰ ডালটোত ওলমি আছে।মাকক সুধিম বুলি ভাবিও তাই সুধিব নোৱাৰিলে।

মাকে তাঁত লগাইছিল।ওচৰৰ কেইবাগৰাকীও মহিলাই মাকক তাঁতৰ কামত সহায় কৰি দিছিল।সেই সময়তে এগৰাকী বগা সাজ পিন্ধা মানুহ  আইমনীহঁতৰ ঘৰলৈ আহিছিল।সকলোৱে এয়া কপালৰ লিখন ,দুখ কৰি লাভ নাই।ল'ৰা ছোৱালী দুটাৰ মুখলৈ চাই জীয়াই থাকিবলৈ শিক বুলি উপদেশ দিছিল।বগা সাজ পিন্ধা মহিলা গৰাকীয়ে চকুলোঁ টুকি টুকি কৈছিল, কি দুখত মোৰ মানুহ জনে সেই গছ ডালত চিপলৈ মৰিল।মই আজিও ভাবি পোৱা নাই।

হঠাৎ সকলোকে আচৰিত কৰি আইমনীয়ে চিঞঁৰি উঠিল।আপোনাৰ মানুহজন মৰা নাই।মই মাহঁতৰ লগত চিনেমা চাই আহোঁতে দেখি আহিছোঁ।গছ ডালৰ হাউলি থকা ডালটোত মানুহ জন হালি-জালি ওলমি আছে।মাকে দৌৰি গৈ আইমনীক সাৱটি ধৰিলে।এই অকমানি ছোৱালী জনীয়ে সঁচাকৈয়ে দেখিছিল নেকি?

আগলৈ......

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)