পষেকজুৰি প্রবল বৃষ্টিপাত
নৈখন হ'ল ভৰযৌৱনা
তাইৰ বুকুত মৰমৰ ঢৌ
যিয়ে গৈছে তাইৰ ওচৰলৈ
সাৱতিছে নিৰৱে -মৰমেৰে
অৱহেলা কৰা নাই তাই
গোহালিৰ ছাগলীটোক বা শুকান কাঠডালক
বৈ গৈছে তাই সাগৰলৈ নিৰৱধি ।
সূৰ্যেও ল'লে লাজৰ উৰণি টানি
ৰ'দ এচাটি বিচাৰি হাহাকাৰ
ভোকবোৰ যেন উজাই আহে
আৰু উজাই আহে উজানৰ মাছ ।
যেনিয়ে যাওঁ তেনিয়ে দেখোঁ
পানী আৰু পানী
শেলুৱৈ ধৰা চোতালত পিছলে দুভৰি ।