খুড়ীয়েকে অকণমানি ভায়েকটোক গা-ধোৱাই আছে।পানীত থপথপাই কনমানিটোৱে কলকলাই হাঁহি হাঁহি আইমনীলৈ চাই কিবা কিবি কৈছে।সেমেনা-সেমেনিকৈ আইমনীয়ে ভায়েকলৈ চাই আঁতৰতে ৰৈ আছে।তাইৰ মনত আক্ষেপ।ভায়েকে তাইক এৰি যাব।
"আইমনী ভাইটিক ধৰচোন।মই কাপোৰ সাজ আনি লওঁ।"
খুড়ীয়েক ভিতৰলৈ গ'ল।আইমনীয়ে ভায়েকক কোচত লৈ ক'লে - "মাহী, তই মোক বিয়ালৈ লৈ নাযাৱ নহয়।সেইবাবে তোক মই বেয়া পাইছো।"
খুড়ীয়েকে ভায়েকটোক কাপোৰ পিন্ধাই-পিন্ধাই আইমনীলৈ চাই কʼলে - "ভায়েৰে যে মামাকৰ ঘৰলৈ যাব ওলাইছে সেই কথা তোক ক'লে নাই।আজি আমাৰ মুনুকন মামাকৰ ঘৰলৈ যাব।"মুনু মাহীৰ বিয়া আছে।তই আমাৰ লগত যাৱ নেকি আইমনী।?"
আইমনীয়ে মূৰ দুপিয়ালে।খুড়ীয়েকে হাঁহি হাঁহি ক'লে - "তই মাৰ বাপেৰৰ লগত পাছত যাবি।মোৰ লগত তোক মাৰে বাপেৰে নপঠিয়াই।"
শান্ত -শিষ্ট হৈ আইমনীয়ে বিচনাখনত বহি কিতাপ পঢ়ি আছিল।মাকে দুবাৰমান আহি জীয়েকক চাই গ'লহি।ভালকৈ পঢ়িলেহে বিয়ালৈ নিম।আন্ধাৰ আৰু পোহৰৰ এই সময়খিনিত তাই সদায় ধূপ জ্বলাই কিতাপখন মেলি লয়।মাকে মহ ওলাই বুলি ধূনাৰ মলালৈ বিচি-বিচি ঘৰ খন ধোঁৱাময় কৰি তোলে।ওপৰলৈ উৰি যোৱা সুগন্ধি ধোঁৱাৰ গোন্ধটো আইমনীয়ে বৰ ভাল পায়।মাজে মাজে বিচি দিয়া ধূনাৰ মলাৰ জ্বলা অঙঠাৰ ৰঙা আভা মাকৰ গালত পৰিলে তাই মাকক বৰ ধুনীয়া দেখে।সকলো মাকতকৈ তাইৰ মাকজনী ভাল।খুড়ীয়েকলৈ তাইৰ খং উঠে।অকণমানি ভাইটিটোৰ গাটো বেয়া, ঠাণ্ডা পানীৰে গা ধোৱাই দিছে।বেচেৰাটো মামাকৰ ঘৰত জ্বৰ উঠা নাইতো ! তাই চিন্তা কৰি সন্মুখত থকা বেৰখনলৈ চাই ৰ'ল।মাকে বিচনী নালটোৱে হেঁচুকি ক'লে - "পঢ়ি থাক, বাপেৰে আহি পাবহি এতিয়া।আইমনীয়ে চিঞঁৰি চিঞঁৰি নেওঁতা মাতিব ল'লে। তাই ঠাণ্ডা ঠাণ্ডা অনুভৱ কৰিলে, বিচনা চাদৰখন টানি লৈ তাই গাটো ঢাকি ল'লে।
আইমনী, আইমনী বুলি মাতি মাতি দেউতাক সোমাই আহিল।তাই আবেগিক হৈ পৰিল।দেউতাকৰ কাষলৈ দৌৰি যাব খোজা ছোৱালী জনী ৰৈ গ'ল।তাই দেখিবলৈ পালে দেউতাকৰ পাছে পাছে এটা চকু কপালত ওলমি থকা মাইকী মানুহ এজনী সোমাই আহিছে।দেউতা বুলি মাতিবলৈ লোৱা মাতষাৰ ডিঙিত লাগি ধৰিল।বিচনা চাদৰখনে মূৰটো ঢাকি তাই কুচমুচকৈ শুই পৰিল।
আগলৈ______
✍️বিটুমনি কোঁছ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ