এসময়ত হেনো ৰং বিলাইছিল
সেউজী-সোণালী, নানাবিধ ৰং...
সৰু-বৰ অলেখ জীৱনে
সেই ৰংবোৰৰ ছাঁত
বুকু ভৰি যোৱাকৈ
উশাহত টানি লৈছিল
সতেজ বতাহী ঢৌবোৰ।
সেই বতাহ এতিয়া বিষাক্ত।
সেই ৰংবোৰ এতিয়া শোকাৰ্ত।
সেই জীৱনবোৰ এতিয়া ৰোগাক্ৰান্ত।
মাটিৰ কলিজাটো
পচি আহিছে
বোবা যাতনাত;
ধৰিত্ৰী আইৰ দেহত হেনো নৰিয়া,
আৰু বুকুত
বাচাধনহঁতে দিয়া এসাগৰ দুখ।