আমন জীমনকৈ বহি থাকে
হামিয়াই হিকটিয়াই
থু গিলি
সেপ ধুকি বহি থাকে ।।
নিলাজৰ সচ
লাজ-কাজ নাই
খাবলৈ নাপাই নেকি
ওঁঠ শুকাই যায়
আহিব খাম আহিব খাম ।।
ওচৰ চাপিলেই
আগুৰি ধৰে
জিভাৰ পানী পৰে
খাবলৈ পাব
খুজি খুজি খাব
চুলিৰ মাজত লুকাই খাব ।।
চাৰিওফালে ওকণী
পিয়াপি দি থাকে
কাক ক'ম
কোনে শুনিব ।।
ওকণীৰ আখ্যান
কিমান পঢ়িব ।।