আজিকালি আশাৰ ৰেঙণিবোৰ
নিৰাশা লৈ পৰিণত হয়।
কিয় বাৰু আনন্দৰ জোৱাৰ উঠা মোৰ দৃঢ় মনটোক
কাল অমানিশাই অগ্নিদগ্ধ
কৰিছিল থৈ যায়।
তেজে চেকুৰা মোৰ ক'লা অতীতে
মোক চিঞৰি চিঞৰি কয়,
মই হেনো ব্যৰ্থ।
মই হেনো বিফল।
মই হেনো প্ৰতাৰিত।
তেতিয়া মোৰ মগজুলৈ বাগৰে
এক ঘৃণাৰ দৃষ্টি,
চৌপাশে বাজি উঠে মোৰ ব্যৰ্থতাৰ জয়গান।
সেই ক্ষণত মোৰ ভাৱ হয়
সচাঁকৈ বাৰু মই বসুমতিৰ কোলাত ঢলি পৰিম নেকি?
সচাঁকৈ বাৰু মোক চিৰ নিদ্ৰা দেৱীয়ে মোক আকোঁৱালি ল'ব নেকি?
⚫নিলণজীৎ বৰুৱা
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ