উপলব্ধিৰ গভীৰতাত কলিজাৰ স্পন্দন।
খিৰিকীৰ ফাঁকেৰে সোমাই অহা,
হিমশীতল বতাহজাক।
কথাচিত্ৰকৰৰ দুহাতত,
সৰ্বোত্তম গৰিমাৰ সুৰ সমলয়।
আবেলিৰ ৰঙা বেলিটোৰ শিৰত,
উজলি উঠা প্ৰাণচঞ্চল তৰুণ বতৰা।
মাদকতাৰ পৃষ্ঠাত লহপহকৈ বাঢ়ি অহা,
সুখ প্ৰাপ্তিৰ জীৱনগাথাঁ।
প্ৰতিধ্বনিত তৃপ্তিদায়ক শংখধ্বনি,
গীতৰ তালে তালে, কবিতাৰ ছন্দে ছন্দে ।
শীতলতা সানি আশাবোৰ সঞ্চাৰিত,
দায়িত্ববোধৰ মেজাংকৰি প্ৰজ্ঞাৰ ধ্বনিত।
মূৰ্ত চেতনাত জাগ্ৰত অন্তৰাত্মা,
সহমৰ্মিতাৰ গতিশীল ইতিহাস।
স্বৰ্গীয় আভাত প্ৰস্ফুটিত সময়ৰ পট,
উজ্জীৱিত সাধনাৰ ৰত্নাকৰ।
সৌন্দৰ্যবোধক নীলিম তৰংগত,
প্ৰস্ফুটিত অপৰূপ বিশ্ব জয়ী ধ্বজা।।
*সীতা দেৱী, বিহপুৰীয়া, লখিমপুৰ।*