বৈতৰণী পাৰ কৰোৱা

বৈতৰণী পাৰ কৰোৱা কানাই বৈতৰণী পাৰ কৰোৱা
সোঁত নাই ইয়াত 
জোঁটে লেটা বান্ধি মুখ মেলিছে
বৈতৰণী পাৰ কৰোৱা। 

ওঁঠত আৰু ভৰ দিব নোৱাৰোঁ
কথাৰ পাকত মেৰপেচ লাগিল
বৈতৰণী পাৰ কৰোৱা। 

বুকুত সাহ লৈ চকুত বাঃ বাঃ লৈ 
ভাগৰিল দুভৰি
বৈতৰণী পাৰ কৰোৱা। 

ঠুনুকা কাঁচত লাজ ঢাকি 
এখুজি দুখুজিকৈ আগুৱাই আহিছা কইনা
কাৰ ইচ্ছাত আয়তীয়ে সজালে ৰভা
কোন সেই পুৰুষ যিয়ে বৰমালা পিন্ধালে 
বৈতৰণী পাৰ কৰোৱা কানাই বৈতৰণী পাৰ কৰোৱা। 

যি মৃত্যুৱেও শুজিব নোৱাৰা ঋণ 
যাক মুক্ত কণ্ঠে কলা এদিন
এই বাট, এই ঘাট তোমাৰ।

Post a Comment

Previous Post Next Post