ৰজনীয়ে জানে

©Admin
1
তুমি জ্বলাই যোৱা
স্মৃতিৰ জুইকুৰা
আজিও হৃদয়ত জ্বলি আছে।
ৰজনীয়ে তাৰ সাক্ষী,
ৰজনীয়ে জানে।
প্ৰতিটো উজাগৰি নিশা
মোৰ প্ৰেমৰ সাক্ষী।
মোৰ প্ৰতি টোপাল
চকুৰ পানীক সোধা
তুমি জ্বলোৱা জুইকুৰাৰ
এঙাৰত কিদৰে 
আত্মহনন কৰি আছে।
তুমি জানো বুজিবা?
ৰজনীয়ে তাৰ সাক্ষী,
ৰজনীয়ে জানে!
ৰজনীয়ে বুজে।
আজিও যেন অবুজ হৃদয়
অস্থিৰ মন;
সীমাহীন প্ৰেম,
তোমালৈ বুলি ।
ৰজনীয়ে তাৰ সাক্ষী,
ৰজনীয়ে জানে।
কল্পনাৰ জগতত তুমিয়েই কল্পনা
সপোন নগৰীত তুমিয়েই যন্ত্ৰণা।
ৰজনীয়ে তাৰ সাক্ষী,
ৰজনীয়ে জানে।

✍️আশ্ৰিফা ইয়াছমিন
জিলা:মৰিগাঁও
ফোন:৭০৯৯১০১১২৯

Post a Comment

1Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

  1. নীল প্ৰজাপতি1 July 2022 at 08:37

    সুন্দৰ

    ReplyDelete
Post a Comment