অনুভৱ

0
চৌদিশ এতিয়া বানৰ কবলত পৰি এক ভয়ানক পৰিস্থিতিৰ সৃষ্টি হৈছে। কোনোবাই এমুঠি আহাৰৰ বাবে,আন কোনোবাই আকৌ বস্ত্ৰৰ বাবে ইত্যাদি,  যিবোৰ আমাৰ দৈনন্দিন জীৱনৰ বাবে প্ৰয়োজনীয়। তাৰ বাবে হাহাকাৰ কৰিছে সকলোৱে। ভয়ানক বানপানীয়ে সপোনৰ ঘৰবোৰ একেবাৰেই চিন নাইকিয়া কৰি পেলালে।শিবিৰবোৰত এতিয়া সকলোৰে কাতৰ প্ৰাৰ্থনা শুনিবলৈ পোৱা গৈছে। দুখত সকলো ভাগি পৰিছে।
        এনেতে এটা শিবিৰৰ পৰা নিচলা গাৰে এটা কণমানি মাকক বিচাৰি কান্দি কান্দি ওলাই আহিল। " মা...... অ' মা... মোৰ বৰ ভোক লাগিছে। কিবা এটা খাবলৈ দিয়ানা। মা অ' ক'ত আছা তুমি। পেটত  গামোচা বান্ধি মই আৰু ধৈৰ্য্য ধৰিব নোৱাৰো মা । মোক কিবা এটা খাবলৈ দিয়া।" কিন্তু কণমানিটিৰ ভোক লাগিলেও অসহায় মাকজনীয়ে অকণমান খোৱাবস্তুও যোগাৰ দিব পৰা নাই।যি নিজৰ বুলিবলৈ আছিল সকলো বানত উটি গ'ল। যিটো কণমানিক মাকে সদায় বুকুৰ মাজত ৰাখিছিল ,সেই কণমানিটোক আজি অচিনাকী এজাক মানুহৰ মাজত এৰি এমুঠি আহাৰৰ বাবে তেখেতে সহায়ৰ ভিক্ষা কৰিছে। কিন্তু সকলোৰে অৱস্থা তেওঁলোকৰ দৰেই। তেওঁলোকক সহায় কৰাৰ সামৰ্থ কাৰোৰে নাই ,সকলো আজি অসহায়। পলকতেই সকলো শেষ হৈ গ'ল।খিলখিলাই হাঁহি থকা কণ কণ ল'ৰা ছোৱালীৰ হাঁহিবোৰ ম্লান হৈ গ'ল।   স্বস্তিৰ নিশ্বাস পেলাই আইৰ কোলাত মূৰ গুজি শোৱা সপোনৰ ঘৰবোৰ বানে উটুৱাই লৈ গ'ল। চকুৰ পচাৰতে সকলো শেষ হৈ যোৱা দেখিও নিশ্চুপ হৈ চাই থাকিবলৈ বাধ্য সকলো।

               এনেতে অলপ দূৰত এটা হৃদয় বিদাৰক চিঞৰ শুনা গ'ল।সকলো সেই ঠাইলৈ লৰি গ'ল।এৰা....... সেই যে কণমানিটো .... মাকৰ কোলাত চিৰদিনৰ বাবে শুই আছে।ভোকত আৰু অনাহাৰত থাকিব নোৱাৰিয়েই মাতৃৰ বুকু শূণ্য কৰি কণমানিটো গুছি গ'ল। সকলোৱে সেই দৃশ্য নীৰৱ হৈ চাই ৰ'ল ,কাৰণ সকলো অসহায়।

✍️দিপশিখা ৰাজকোঁৱৰ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)