নীল আকাশত তৰাৰ জিলমিলনি।
কাৰ চকুপানী ?
নহয়, এয়াতো কাৰোবাৰ
আকাশ কঁপোৱা কান্দোন।
দুঘণ্টাৰ পূৰ্বে
পলিথিনত ধূসৰিত ভৱিষ্যত,
জাবৰৰ দমত কোনো
নিৰ্দয় জনক-জননীৰ সোণালী স্বপ্ন।
আৰু এতিয়া !
সোণৰ পালেঙত ,
অচিনাকি মহানুভৱতাৰ দিগদৰ্শনত ,
শংকিত ক্ৰন্দনৰত
ভুলুণ্ঠিত মানৱতাৰ সাক্ষী,
এটি নৱজাতক !
বিস্মিত মহানুভৱতা ,
নিষ্ঠুৰ মানৱতা।।
✍️শতাব্দী শৰ্মা , নগাওঁ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ